/asomiyapratidin/media/media_files/2025/08/28/1-2025-08-28-15-51-15.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ “অসমত মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু চিণ্ডিকেটত জড়িত হোৱা সকলৰ বাদে আন কাৰো উন্নয়ন হোৱা নাই”- এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি গৌৰৱ গগৈৰ ৷ আজি শিৱসাগৰত সংবাদমেল অনুষ্ঠিত কৰি তেওঁ এই মন্তব্য কৰে ৷
'ভোট চোৰ' প্ৰসংগত সৰৱ সভাপতি গগৈয়ে কয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাহুল গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে 'ভোট চোৰ' অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগক ভাৰতৰ নিৰ্বাচন আয়োগে গুৰুত্ব সহকাৰে লোৱাৰ সলনি বিজেপিৰ মুখপাত্ৰৰ দৰে কাম কৰা বুলি গগৈয়ে অভিযোগ আনে।
তেওঁ কয় যে বিজেপিত কেৱল 'গৰু চোৰ' নাই,'ভোট চোৰো' আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কেৱল পুঁজিপতি গোষ্ঠীৰ হৈ তেওঁ কাম কৰা বুলি সমালোচনা কৰি কয় যে তেওঁ কেনেকৈ আম্বানী-আদানিক মাটি প্ৰদানৰ লগতে নিজৰ ঘৈণীয়েকক কেনেকৈ মাটি দিব পাৰি সেই বিষয়ত তৎপৰ হৈ থাকে।
লগতে চিণ্ডিকেট চক্ৰৰ স্বাৰ্থ পূৰণত তেওঁ ব্যস্ত থকা বুলি তেওঁ কটাক্ষ কৰে। আনহাতে অসমক ভাৰতৰ প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত স্থান দিয়াব বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসম আজি ভাৰতৰ শেষৰ পাঁচখন জিলাৰ ভিতৰত স্থান লাভ কৰিছে বুলি গগৈয়ে তথ্য দাঙি ধৰে।
তেওঁ কেতবোৰ তথ্য প্ৰকাশ কৰি শিক্ষা-স্বাস্থ্য আদিকে কৰি বিভিন্ন শিতানত অসমৰ সৰ্বভাৰতীয় স্থান শেষৰ পৰা পাঁচখন ৰাজ্য বুলি সদৰী কৰে। আনহে নালাগে উত্তৰ-পূৱৰ ১১০ জিলাৰ ভিতৰত অসমৰ ডিব্ৰুগড় জিলাই ১৮ নং স্থানত থাকি অসমৰ প্ৰথম জিলাৰূপে পৰিগণিত হৈছে।
গৌৰৱ গগৈয়ে আজিৰ সংবাদ মেলত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ উন্নতি হোৱাৰ বাদে অসমৰ কোনো উন্নতি হোৱা নাই বুলি তেওঁ দাবী কৰে। আনহাতে মিত্ৰতা সন্দৰ্ভতো গৌৰৱ গগৈয়ে মন্তব্য কৰে।
২০২৬ চনত সকলোৰে লগত কথা বতৰা আলেচনা কৰি মিলাপ্ৰীতিৰে নিৰ্বাচন খেলিব। ইয়াৰ আগতে 'ভৌট চুৰি' ৰোধ কৰাৰ ব্যৱস্থা বুথ লেভেল এজেন্ট নিয়োগ কৰাৰ ব্যৱস্থা কংগ্ৰেছে কৰিছে বুলি তেওঁ জানিব দিয়ে।
সেইদৰে আজিৰ সংবাদ মেলৰ পৰা অখিল গগৈৰ প্ৰতি আহ্বান, মিত্ৰতা সন্দৰ্ভত কথা কওঁতে সংযমী হওঁক আৰু সংযমী হোৱা উচিত। প্ৰতিদিনে বেলেগ বেলেগ কথা ক'লে ৰাইজৰ আস্থা নাইকিয়া হ'ব বুলিও তেওঁ অখিল গগৈক সোঁৱৰাই দিয়ে।
তেওঁ আজি চৈয়দা হামিদৰ মন্তব্য সন্দৰ্ভত কয় যে--চৈয়দা হামিদে পাহৰি গ'ল অসম চুক্তিৰ কথা। তেওঁ অসমৰ ইতিহাস নাজানে। বিজেপিয়ে অসম আন্দোলনৰ ছহিদক অপমান কৰিলে। বিজেপ কাৰো নহয় বুলি উল্লেখ কৰি বিজেপিয়ে নিজৰ ব্যক্তিগত স্বাৰ্থত ৰাজনীতি কৰিছে কটাক্ষ কৰে।
উজনিৰ পৰা মিঞাখেদা আন্দোলন সন্দৰ্ভত তেওঁ মন্তব্য কৰি কয় যে সন্দেহযুক্ত নাগৰিকৰ বিতাড়ণ এশ শতাংশ হ'বলাগিব।কিন্তু সেই বিতাড়ণ সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি হোৱাৰ লগতে কোনো দল-সংগঠনে এই কাম নিজৰ হাতত লোৱা অনুচিত বুলি তেওঁ মন্তব্য কৰে।
আনহাতে এই প্ৰসংগত তেওঁ শিৱসাগৰৰ নাগৰিক সভাৰ প্ৰশংসা কৰি শিৱসাগৰৰ সচেতন নাগৰিকে এক সময়োচিত সিধান্ত লোৱা বুলি মন্তব্য কৰি শিৱসাগৰৰ সচেতন সমাজৰ প্ৰতি কৃতজ্ঞতা প্ৰদান কৰে।