পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱটিলে মেধাৱী ছাত্ৰ মৃদু পৱন চেতিয়াই

পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱটি লয় মৃদু পৱন চেতিয়া নামৰ এজন মেধাৱী ছাত্ৰই ৷ জানিব পৰা মতে, ৮ জন বন্ধুৰ লগত সাঁতুৰিবলৈ পুখুৰীটোলৈ গৈছিল মৃদু পৱন। 

author-image
Asomiya Pratidin
New Update
শিৱসাগৰত মেধাৱী ছাত্ৰৰ সলিল সমাধি

শিৱসাগৰত মেধাৱী ছাত্ৰৰ সলিল সমাধি

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা। বাঢ়ৈটিং অঞ্চলৰ গুদামঘৰৰ সমীপৰ এটি পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱটি লয় মৃদু পৱন চেতিয়া নামৰ এজন মেধাৱী ছাত্ৰই ৷ জানিব পৰা মতে, ৮ জন বন্ধুৰ লগত সাঁতুৰিবলৈ পুখুৰীটোলৈ গৈছিল মৃদু পৱন। 

Advertisment

মৃদু পৱনৰ ঘৰ বেতবাৰীৰ শুকানপুখুৰী মেৰবিল অঞ্চলত। অঞ্চলটোৰ নিৰেণ চেতিয়া আৰু মাতৃ অঞ্জু চেতিয়াৰ একমাত্ৰ সন্তান আছিল যুৱকজন।বয়স আছিল মাত্ৰ ২২ বছৰ ৷ তেওঁ গড়গাঁও মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰ আছিল।

পুখুৰীত পৰা পাছতে মৃদু পৱনক প্ৰগতি চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে ইতিপূৰ্বে ছাত্ৰজন মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷ মৃদু পৱন চেতিয়াই সুব্ৰত চেতিয়া, ৰাজ চাংমাই, আকাশ জ্যোতি চাংমাই, বিকাশ চাংমাই, দ্বীপজ্যোতি চাংমাই, কল্যাণ চাংমাই, সুদীপ্ত চুতীয়া আৰু সমুজ্বল বৰুৱাৰ লগত ফুৰিবলৈ আহিছিল ৷

শিৱসাগৰ