/asomiyapratidin/media/media_files/2025/01/26/gVzEnpE7pAmsbJ9hgLGH.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰ: আহোম যুগৰ ৰাজধানী ৰংপুত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় বৃহৎ সাংগঠনিক কাৰ্যসূচী সাধাৰণ সভালৈ কেইটামান ঘন্টা বাকী থকা অৱস্থাত জয়সাগৰ সহিতে শিৱসাগৰ চহৰত বিৰাজ কৰিছে উৎসৱমুখৰ পৰিবেশ ৷ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে অনুষ্ঠান সফল কৰাৰ বাবে উঠিপৰি লাগিছে ৷ জনসাধাৰণে বিভিন্ন এলাকাত নিজাববীয়াকৈ তোৰণ নিৰ্মাণ কৰি সাধাৰণ সভাত ভাগ লোৱাৰ বাবে আহিবলগীয়া প্ৰতিনিধি সকলক স্বাগতম জনোৱাৰ ব্যৱস্থা কৰিছে ৷ শিমলুগুৰি, নাজিৰাৰ পৰা জাঁজীলৈ নিৰ্মাণ কৰা হৈছে শতাধিক তোৰণ ৷
/asomiyapratidin/media/media_files/2025/01/26/0vaHQLg18BRnZM2hmi4i.jpg)
শিৱসাগৰৰ বিভিন্ন মছজিদত নামাজত জাতীয় সংগঠনটোৰ এই অনুষ্ঠানৰ সফলতা কামনা কৰি প্ৰাৰ্থনা জনোৱা হৈছে ৷ ইমানেই নহয় উজনি অসমৰ সবাটোকৈ পুৰণি শিৱসাগৰ দ্বীনি মাদ্ৰাছাৰ অধ্যক্ষ মৌলানা আতিকুৰ ৰহমান কাচিমীৰ নেতৃত্বত মছজিদৰ পৰা বাহিৰে বাহিৰে তলাতল ঘৰৰ সন্মুখলৈ যোৱা শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে আছুৰ এই অনুষ্ঠানৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনায় ৷
এই অনুষ্ঠানত সমীৰণ ফুকন, দীপাঙ্কৰ শইকীয়া সহিতে ভালেসংখ্যক আছু নেতা উপস্থিত থাকে ৷ উল্লেখ্য যে অসমৰ অন্যতম জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাখন অহা কাইলৈ অৰ্থাৎ ২৭ আৰু ২৮ জানুৱাৰীত পুৰণি ৰংপুৰৰ প্ৰাণকেন্দ্ৰ জয়সাগৰৰ তলাতল ঘৰৰ বাকৰিত অনুষ্ঠিত হ’ব।
![ipip][](https://img-cdn.thepublive.com/filters:format(webp)/asomiyapratidin/media/media_files/2025/01/26/AxtS4YBA7rhpKrmJkFGc.jpg)
জাতিৰ সংকট কালত অসম আৰু খিলঞ্জীয়া মানুহৰ পক্ষত মাত মাতি অহা ছাত্ৰ সন্থাক অধিক গতিশীল আৰু উজ্জীৱিত কৰা, ভৱিষ্যৎ কাৰ্যপন্থা অধিক তীব্ৰতৰ কৰাৰ উদ্দেশ্যৰে ছাত্ৰ সন্থাৰ দ্বিতীয় সৰ্ববৃহৎ সাংগঠনিক কার্যসূচী 'সাধাৰণ সভা'খন সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু শিৱসাগৰ জিলাবাসীৰ সহযোগত অনুষ্ঠিত হ’ব।
ছশ বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱোজ্জ্বল ইতিহাসেৰে সমৃদ্ধ তথা প্ৰথমখন অসমীয়া সংবাদপত্ৰৰ "অৰুনোদই " ৰ জন্মস্থান, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই ‘ হেমকোষ’ অভিধান আৰু ব্যাকৰণ ৰচনা কৰা এই শিৱসাগৰতেই ১৯১৭ চনত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ৷
এই শিৱসাগৰতেই অনুষ্ঠিত হ'বলগীয়া আছুৰ সাধাৰণ সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পাঁচ সহস্রাধিক ছাত্র প্রতিনিধি, বিশিষ্ট ব্যক্তি, শিল্পী, কলা-কুশলী আৰু লক্ষাধিক ৰাইজৰ সন্মুখত জিলাখনৰ চহকী ঐতিহ্য- পৰম্পৰা পৰিকল্পিত ৰূপত উপস্থাপন কৰা হ’ব।
/asomiyapratidin/media/media_files/2025/01/26/6eK1OfuIP0uW4DbyEzoN.jpg)
তলাতল ঘৰৰ বাকৰিৰ মূল মণ্ডপৰ সন্মুখত চৰাইদেউৰ এটি প্ৰতীকি মৈদাম নিৰ্মাণ কৰি উলিওৱা হৈছে ৷ এই প্ৰতীকি মৈদামৰ মাজেৰে প্ৰৱেশ কৰিব অতিথি, প্ৰতিনিধি তথা ৰাইজ। আজি নিশা নানাৰঙী আলোকেৰে এই স্থান পোহৰাই তোলা হৈছে ৷ ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা এটি অতিথিশালাত দূৰ-দূৰণিৰ পৰা অহা আলহী-অতিথিয়ে জিৰণি ল’ব।
সেই স্থানতে "আছু" প্ৰতীক তথা গুলীবিদ্ধ ছহিদৰ প্ৰতিমূৰ্তিৰে এটি বিশাল ছহিদবেদী স্থাপন কৰাৰ লগতে শৰাইঘাটৰ ৰণ, পলু বগাই থকা চুমনিবাৰী, জয়মতীৰ আত্মত্যাগৰ দৃশ্য উপস্থাপনৰ ব্যৱস্থা কৰা হৈছে। সভা-সমিতিৰ বাবে নিৰ্মাণ কৰা হৈছে ৩০ হাজাৰ বৰ্গফুটৰ এটা মণ্ডপ। অতিথিসকলৰ আপ্যায়নৰ বাবে গেলেকীৰ বীৰাংগনা মহিলা সমিতি আৰু জ্যোতি মাৰ্গ স্বেচ্ছাসেৱী সংগঠনে পিঠা প্ৰস্তুত কৰি উলিয়াইছে ৷
শিৱসাগৰ কোঁৱৰপুৰ সন্মিলিত নাৰী সমাজে ৫ হাজাৰ তিলপিঠা, গুড়ৰ লাডু আৰু গৌৰীসাগৰ নামঘৰ মহিলা সমাজে তৈয়াৰ কৰিছে ১০ হাজাৰ লাডু। ৫ হাজাৰ প্ৰতিনিধিয়ে একেলগে খাদ্যগ্ৰহণ কৰিব পৰাকৈ পৰাগ চলিহা ষ্টেডিয়ামত নিৰ্মাণ কৰা হৈছে বিশাল ভোজন গৃহ। অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থমেলাত অসমৰ লগতে আগশাৰীৰ ৰাষ্ট্ৰীয় প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব।
/asomiyapratidin/media/media_files/2025/01/26/PsKaKb1Q42wl2vNWRRcK.jpg)
২৮ জানুৱাৰীৰ দিনৰ ১১'৩০ বজাত তলাতল ঘৰ বাকৰিৰ পৰা দিখৌ দলং হৈ চহৰৰ মাজেৰে অসম জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া সংস্কৃতিক প্ৰতিফলিত কৰি উলিওৱা হ’ব সাংস্কৃতিক দল ৷ এই সাংস্কৃতিক শোভাযাত্ৰাত ১৭০ টা অনুষ্ঠান প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা সহিতে ৫০ হেজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰিব। সাংস্কৃতিক শোভাযাত্ৰাৰ পূৰ্বে আছুৰ সাধাৰণ সভাৰ লগত সংগতি ৰাখি এনামউদ্দিন আহমেদ আৰু ড° উৎপল দত্তৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া “ ৰত্নপ্ৰভ ৰংপুৰ ” নামৰ এখন বৃহৎ কলেবৰৰ স্মাৰক গ্ৰন্থ উন্মোচন কৰিব ড° জ্যোতি প্ৰসাদ শইকীয়াই ৷
ইতিহাসৰ পৰা আৰম্ভ কৰি কৃষ্টি সংস্কৃতিলৈ বিভিন্ন দিশ এই গ্ৰন্থই সামৰি লৈছে ৷ তদুপৰি জয়জ্যোতি গগৈ আৰু আদিত্য শৰ্মাৰ সম্পাদনাত "লিকতঙ্ চাউ" নামৰ আন এখন স্মাৰক গ্ৰন্থ উন্মোচন কৰিব ড° সব্যসাচী মহন্ত আৰু ড° সৌমাৰজ্যোতি মহন্তই ৷ কাইলৈ অৰ্থাৎ ২৭ জানুৱাৰীৰ আবেলি ১ বজাত গড়গাওঁ মহাবিদ্যালয়ত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ’ব। ইফালে তলাতল ঘৰৰ বাকৰিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সদৌ অসম ভিত্তিত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
![][p](https://img-cdn.thepublive.com/filters:format(webp)/asomiyapratidin/media/media_files/2025/01/26/ZssyD2BbbmeWyP92PorY.jpg)
অসমৰ জাতীয় সংগঠনটোৰ এই সাধাৰণ সভা কেইবাটাও দিশত হ’ব অত্যন্ত গুৰুত্বপূৰ্ণ ৷ শিৱসাগৰতেই সংগঠনটোৱে ভবিষ্যত কাৰ্যপন্থা প্ৰস্তুত কৰিব ৷ আনহাতে শিৱসাগৰৰ এই সাধাৰণ সভাৰ কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভাতেই সংগঠনটোৰ উকা হৈ থকা সাধাৰণ সম্পাদক পদত এগৰাকী বিষয়ববীয়াক দায়িত্ব অৰ্পণ কৰা হ’ব ৷ সাধাৰণ সভালৈ মাজত কেইঘন্টামান বাকী থকা অৱস্থাত সাধাৰণ সম্পাদকৰ দায়িত্ব কোনে লাভ কৰিব তাকলৈ সংগঠনটোৰ ভিতৰে বাহিৰে ব্যাপক চৰ্চা চলিছে ৷
যোৱা ১৯ ডিচেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংগঠনটিৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত সমীৰণ ফুকনক সহকাৰী সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত কৰা হৈছিল ৷ উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ অব্যাহতিৰ পাছত আছুৰ অভ্যন্তৰত সংঘটিত বিভিন্ন বিষয়ক লৈ ৰাজ্যিক কাৰ্যনিৰ্বাহকে গঠন কৰি দিয়া তদন্ত সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত ১৯ ডিচেম্বৰৰ বৈঠকত আলোচনা হোৱাৰ লগতে আছুৰ এগৰাকী নতুন সহকাৰী সাধাৰণ সম্পাদক মনোনীত কৰা হয়।
/asomiyapratidin/media/media_files/2025/01/26/1rB2F9O6CHlVII0Ivj9P.jpg)
সেই সময়তেই আছুৰ সাধাৰণ সভাখনি অহা ২৭ আৰু ২৮ জানুৱাৰীত ঐতিহাসিক শিৱসাগৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ছাত্ৰ সংগঠনটোৰ দ্বিতীয় বৃহৎ সাংগঠনিক কার্যসূচী শিৱসাগৰ সাধাৰণ সভাৰ পূৰ্বে অনুষ্ঠিত কাৰ্যনিৰ্বাহকত সমীৰণ ফুকন সহকাৰী সাধাৰণ সম্পাদক ৰূপে মনোনীত কৰাৰ পিছত আছুৰ সাধাৰণ সম্পাদক কোন হ’ব তাকলৈ সৰ্বত্ৰ চৰ্চা চলিছে ৷
চৰ্চা অনুসৰি বৰ্তমান আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্বত থকা চৰ্জুন হাঞ্চেক বিগত ১৮ ছেপ্টেম্বৰত দায়িত্ব প্ৰদান কৰোতে ঘোষণা কৰা অনুযায়ী হাঞ্চেক চাৰি মাহৰ বাবে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু ২০২৫ বৰ্ষৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহত আছুৰ সাধাৰণ সভা অনুষ্ঠিত কৰি চলিত কাৰ্যকালৰ বাকী থকা তিনিটি বৰ্ষৰ বাবে স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচন কৰা হ'ব।
উল্লেখযোগ্য যে, এই ক্ষেত্ৰত উজনি অসমৰ শিৱসাগৰ জিলাৰ প্ৰতিনিধি বৰ্তমান আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা বিগত কাৰ্যকালৰ সহকাৰী সাধাৰণ সম্পাদক আৰু আজি পুনৰ নতুনকৈ সহকাৰী সাধাৰণ সম্পাদক মনোনীত হোৱা সমীৰণ ফুকনৰ নাম সাধাৰণ সম্পাদক হিচাপে সৰ্বাধিক চৰ্চিত হৈছে৷ ইতিপূৰ্বে আছুত সৃষ্টি হোৱা উজনি-নামনিৰ সংঘাত অৱসানৰ বাবেও সমীৰণ ফুকনৰ বিশেষ উদ্যোগত শিৱসাগৰত অনুষ্ঠিত হৈছিল এক বৈঠক, য’ত উজনিৰ ৭ জিলাৰ শীৰ্ষ নেতৃত্বই অংশ লৈ উজনি- নামনিৰ সংঘাত আছুত নোহোৱাৰ স্থিতি স্পষ্ট কৰিছিল ৷
জানিব পৰা মতে আছুৰ বৰ্তমানৰ সমিতিৰ কাৰ্যকাল এতিয়াও ৩ বছৰৰ অধিককাল বাকী আছে, যাৰ পৰিপ্ৰেক্ষিতত আছুৱে অনুষ্ঠিত কৰিব লগা সাধাৰণ সভাত সংগঠনটোৰ পৰৱৰ্তী কাৰ্যকাল পৰিচালনাৰ বাবে নিৰ্বাচন কৰিব এগৰাকী স্থায়ী সাধাৰণ সম্পাদক৷ এইক্ষেত্ৰত সমীৰণ ফুকনেই উক্ত পদত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে। এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে অহা ২৭ জানুৱাৰীৰ আবেলি জয়সাগৰত থকা শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সেউজ কোঁৱৰ পৰাগ চলিহা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভাত সমীৰণ ফুকনক সাধাৰণ সম্পাদক হিচাপে বাচনি কৰা হ’ব ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us