গুণোৎসৱত ৰাজ্যৰ ভিতৰত শিৱসাগৰ প্ৰথম, বিদ্যালয়ে বিদ্যালয়ে আনন্দৰ লহৰ

শিৱসাগৰ জিলাই ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰো অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ৷ ২০২৫ বছৰ পৰ্যন্ত অনুষ্ঠিত হোৱা ষষ্ঠ বছৰৰ গুণোৎসৱত শিৱসাগৰ জিলাই একেৰাহে প্ৰথম স্থান অধিকাৰ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে  ৷ 

author-image
Asomiya Pratidin
New Update
প্ৰথম স্থানত শিৱসাগৰ

প্ৰথম স্থানত শিৱসাগৰ

ডিজিটেল সংবাদ, শিৱসাগৰ : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ গুণগত মান বৃদ্ধিৰ এক পদক্ষেপ হিচাপে ২০১৭ চনত শিক্ষা বিভাগত আয়োজন কৰা গুণোৎসৱ ষষ্ঠবাৰৰ বাবে ইতিপূৰ্বে অনুষ্ঠিত কৰা হৈছে ৷ ইতিপূৰ্বে সম্পন্ন হৈ যোৱা  ষষ্ঠ গুণোৎসৱৰ ফলাফল বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে ৷ 

Advertisment

এই ফলাফলত শিৱসাগৰ জিলাই ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰো অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ৷ ২০২৫ বছৰ পৰ্যন্ত অনুষ্ঠিত হোৱা ষষ্ঠ বছৰৰ গুণোৎসৱত শিৱসাগৰ জিলাই একেৰাহে প্ৰথম স্থান অধিকাৰ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে  ৷ 

আনহাতে সমসজ্জাতো শিৱসাগৰ জিলাই প্ৰথম হোৱাৰ গৌৰৱেৰে গৌৰৱান্বিত হৈছে ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু, কৃষি মন্ত্ৰী অতুল বৰা তথা অন্যান্য গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত অসমৰ অন্যান্য জিলাৰ A+ প্ৰাপ্ত বিদ্যালয়সমূহক সম্বৰ্ধনা জনোৱাৰ লগতে শিৱসাগৰ জিলাৰ A+ প্ৰাপ্ত বিদ্যালয়সমূহকো সম্বৰ্ধনা জনোৱা হয়৷  অনুষ্ঠানৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে গুণোৎসৱ ২০২৫ৰ ফলাফলসমূহো ঘোষণা কৰে ৷ 

শিৱসাগৰ জিলাৰ হৈ মানপত্ৰ গ্ৰহণ কৰে শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ সংমণ্ডল পৰিদৰ্শক দেৱজ্যোতি গগৈ আৰু জিলা অতিৰিক্ত  আয়ুক্ত তথা জিলা মিছন সমন্বয়ক, সমগ্ৰ শিক্ষাৰ মিনাক্ষী পাৰ্মে ৷

উল্লেখযোগ্য যে, ড০ শৰ্মাই গুণোৎসৱৰ  ফলাফল ঘোষণা কৰাৰ পিছতেই শিৱসাগৰত আনন্দৰ জোঁৱাৰ উঠে ৷ শিক্ষা বিষয়া, শিক্ষক, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল উৎফুল্লিত হৈ পৰে ৷ বহু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে গীত নৃত্য পৰিৱেশনেৰে আনন্দত আত্মহাৰা হৈ পৰে ৷

তাৰোপৰি শিৱসাগৰ জিলাই একেৰাহে ষষ্ঠ  বাৰলৈ অসমৰ আন আন জিলাক চেৰ পেলাই গুণোৎসৱত প্ৰথম স্থান অধিকাৰ কৰাত শিক্ষাবিদ, সমাজ সচেতন ব্যক্তি আৰু দল সংগঠনে শিক্ষা বিভাগ, শিক্ষা বিষয়া, শিক্ষক সমাজ আৰু অভিভাৱক সকলক মুকলিমূৰীয়াকৈ অভিনন্দন জনাইছে ৷ উল্লেখ্য যে ২০২৫ চনৰ গুণোৎসৱত শিৱসাগৰ জিলাৰ মুঠ ১২৪১ খন বিদ্যালয়ত বিদ্যালয়ক সামৰি লোৱা হৈছিল ৷ 

১২৭৬ গৰাকী বৰ্হিঃমূল্যায়কে মুঠ ৭০৬৩৯ গৰাকী  বিদ্যাৰ্থীক লৈ এই গুণোৎসৱে সামৰি লৈছিল। শেহতীয়াকৈ ঘোষণা কৰা ফলাফলত শিৱসাগৰ জলাৰ ৪৬৩ খন বিদ্যালয়ে গুণোৎসৱত  এ প্লাছ লাভ কৰাৰ বিপৰীতে  ১৯২ খনে এ গ্ৰেড,  ২০ খনে বিদ্যালয়ে বি গ্ৰেড, ৬ খনে  চি আৰু মাথো ১ খন বিদ্যালয়ে ডি গ্ৰেড লাভ কৰে ৷

উল্লেখ্য  যে, গুণোৎসৱত কেৱল বিদ্যালয়ৰ শৈক্ষিক দিশটোক মূল্যায়ণ কৰা নহয়, ইয়াৰ লগত বিদ্যালয়ৰ  স্বচ্ছ পৰিৱেশ, ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকৰ দায়িত্ব, আন আন পাৰদৰ্শিতা, ইউনিফৰ্ম আদিৰ দিশ সমূহো বিচাৰ কৰি চোৱা হৈছিল। য’ত ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক উৎকৰ্ষ সাধন জড়িত হৈ থাকে। 

এনে পৰিস্থিতিত শিৱসাগৰ জিলাৰ সফলতাই সকলোকে উৎসাহিত কৰিছে। শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে এয়া এক সামূহিক প্ৰচেষ্টাৰ ফল বুলি অভিহিত কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে। 

এই ধাৰা অব্যাহত ৰখাৰ বাবে শিক্ষা বিষয়া দেৱজ্যোতি গগৈয়ে সকলোৰে প্ৰতি আহ্বান জনায় ৷ উল্লেখ্য যে দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়া শিক্ষা বিষয়া দেৱজ্যোতি গগৈৰ নেতৃত্বত শিৱসাগৰত সুস্থ শৈক্ষিক পৰিবেশ গঢ়লৈ উঠিছে ৷ দেৱজ্যোতি গগৈৰ কাৰ্যকালত শিৱসাগৰ জিলাই গুণোৎসৱত একেৰাহে দুটা বছৰ প্ৰথম স্থান অধিকাৰ কৰিছে ৷

এইখিনিতে অন্য এটা কথা উল্লেখ কৰিব পাৰি যে, ২০১৭ চনত শিৱসাগৰ জিলাত শিক্ষা বিষয়াৰ দায়িত্বত থকা আব্দুল জেলিলৰ দিনত একেৰাহে দুটা বছৰ আৰু পৰৱৰ্তী সময়ত শিক্ষা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা কমলজ্যোতি গগৈৰ দিনটো দুটা বছৰ শিৱসাগৰ জিলাই গুণোৎসৱত প্ৰথম স্থান অধিকাৰ কৰিছিল ৷ দুয়োগৰাকী প্ৰাক্তন শিক্ষা বিষয়াই ধাৰাবাহিকতা ৰক্ষা কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে ৷

ইফালে শিৱসাগৰ জিলাৰ এই সফলতাত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনেও আনন্দ প্ৰকাশ কৰিছে ৷ এক বিজ্ঞপ্তিত সমীৰণ ফুকনে এইবুলি উল্লেখ কৰিছে যে, অসম চৰকাৰৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰা গুণোৎসৱত শিৱসাগৰ জিলাই বিগত বৰ্ষসমূহৰ দৰে এইবাৰো শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হোৱাটো জিলাখনৰ বাবে গৌৰৱৰ বিষয়। 

তেওঁ এই ব্যৱস্থাৰে জড়িত সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপনেৰে চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানসমূহৰ এই জয়যাত্ৰা  দুৰ্বাৰ গতিত আগবঢ়াৰ কামনা কৰে ৷ শিক্ষাখণ্ডত শিৱসাগৰে স্থাপন কৰা এই মাইলৰ খুঁটি সকলোৰে বাবে আদৰ্শ হওঁক ৷ শিৱসাগৰৰ শৈক্ষিক ক্ষেত্ৰই একক আৰু অনন্য ৰূপত নিজৰ পৰিচয় অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত সকলোৱে দুগুণ উৎসাহেৰে কাম-কাজত নিয়োজিত হৈ হোৱাৰ বাবে সমীৰণ ফুকনে আহ্বান জনায় ৷

আনহাতে শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি ড° সব্যসাচী মহন্তই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ে কঢ়িয়াই অনা এই সফলতা সঁচাকৈয়ে প্ৰশংসনীয়। চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ এনে উত্তৰণে পুনৰ বিদ্যালয়সমূহলৈ ছাত্ৰ-ছাত্ৰী অহাৰ বাট মুকলি কৰিব। ৰাজ্যৰখনৰ স্কুল শিক্ষাৰ বাবে এয়া  এক শুভ সংকেত ৷ 

প্ৰাক্তন শিক্ষা বিষয়া কমলজ্যোতি গগৈয়ে সন্তুষ্টি প্ৰকাশ কৰি এই ধাৰাবাহিকতা ভবিষ্যতৰ দিনত অব্যাহত ৰখাৰ আহ্বান জনায় ৷ একেদৰে প্ৰাক্তন শিক্ষা বিষয়া আব্দুল জেলিলে সন্তুষ্টি প্ৰকাশ কৰি শিক্ষক সমাজক এই ধাৰা অব্যাহত ৰখাৰ আহ্বান জনায় ৷ 

উল্লেখ্য যে গুণোৎসৱত শিৱসাগৰ জিলা সফল হোৱাৰ ক্ষেত্ৰত জিলা শিক্ষা বিষয়া দেৱজ্যোতি গগৈ, শিৱসাগৰৰ কেউটা শিক্ষা খণ্ডৰ বিষয়া, সমগ্ৰ শিক্ষাৰ আঁচনি বিষয়া আৰু চি আৰ চি চিসকলৰ ভূমিকা লেখতলবলগীয়া ৷ তেওঁলোকে শিৱসাগৰ প্ৰাক গুণোৎসৱ অনুষ্ঠিত কৰি ছাত্ৰ- ছাত্ৰীসকলক মানসিকভাৱে প্ৰস্তুত কৰি তুলিছিল ৷

গুণোৎসৱৰ ফলাফল গুণোৎসৱ শিৱসাগৰ