শিৱসাগৰত সক্ৰিয় নাৰীদেহ চক্ৰ! এটা দালালক আটক...

শিৱসাগৰৰ লক্ষেশ্বৰ গগৈ পথৰ এটা বাসগৃহত কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু চিলাৰায় সেনাই অভিযান চলাই আজি উৎখাত কৰে নাৰীৰ দেহৰ ব্যৱসায় কৰা এটা ঘাটি।

author-image
Asomiya Pratidin
New Update
শিৱসাগৰত সক্ৰিয় নাৰীদেহ চক্ৰ! এটা দালালক আটক...

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ লক্ষেশ্বৰ গগৈ পথৰ এটা বাসগৃহত কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু চিলাৰায় সেনাই অভিযান চলাই উৎখাত কৰে নাৰীৰ দেহৰ ব্যৱসায় কৰা এটা ঘাটি।চহৰৰ পুৰনা আমোলাপট্টি (গণকপট্টী)ৰ এটা বাসগৃহত দীৰ্ঘদিন ধৰি এটা চক্ৰই চলাই আহিছিল এই দেহ ব্যৱসায়।

সংগঠন দুটাৰ দুজন সদস্যই নিজে গ্ৰাহক হিচাপে উক্ত বাসগৃহটোত উপস্থিত হোৱাৰ পাছতেই সমগ্ৰ ঘটনা উন্মোচিত হয়।গ্ৰাহক হিচাপে যোৱা সদস্য দুজনক দুটা কোঠাত দুগৰাকী যুৱতী যোগান ধৰাত তাৰে এজন সদস্যই কৌশলেৰে বাসগৃহটোৰ পৰা ওলাই আহি সতীৰ্থ সদস্যসকলক খবৰ দিয়ে।

এইদৰে গ্ৰাহক যোগান ধৰা দালাল আজিজুলক উক্ত স্থানতে সংগঠটোৰ সদস্যসকলে কৰায়ত্ত কৰে। আজিজুলৰ ভাষ্য অনুসৰি শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা এখন পাৰ্লাৰৰ সৈতে তেঁওৰ যোগাযোগ আছিল আৰু তাৰ পৰাই দেহ ব্যৱসায় চক্ৰটো নিয়ন্ত্ৰিত হৈছিল।

আজিজুল নামৰ দালালটোৰ মোবাইলৰ পৰা বহু যুৱতীৰ ফটোৰ লগতে অচিনাকী ফোন নম্বৰো উদ্ধাৰ হৈছে। আজিজুল নামৰ দেহ ব্যৱসায়ী চক্ৰৰ দালালটোৰ ঘৰ বিশ্বনাথ চাৰিআলিত বুলি জানিব পৰা গৈছে।

আজিজুল নামৰ দালালটোক কৰায়ত্ত কৰাৰ সময়তে বাসগৃহটোৰ ভিতৰৰ পৰা এগৰাকী মহিলাই হাতত দা লৈ ওলাই আহি তাত উপস্থিত থকা সকলোকে আক্ৰমণৰো চেষ্টা চলায়। এই ঘটনাত সংগঠনটোৰ এজন সদস্যৰ কথমপি প্ৰাণ ৰক্ষা পৰে। 

ইতিমধ্যে কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ভাতৃ সংগঠন চিলাৰায় সেনাৰ সদস্যসকলে আজিজুৰ নামৰ দালালটোক আৰক্ষীৰ হাতত চমজাই দিয়ে। এই ঘটনাৰ সমান্তৰালকৈ শিৱসাগৰ চহৰৰ দুই এখন বিউটি পাৰ্লাৰত দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চলি থকাৰ তথ্য পোহৰলৈ আহিছে।

শিৱসাগৰ