/asomiyapratidin/media/media_files/2025/04/14/BLlQkw35OQwt3lmLVmWd.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ : দেওবাৰে শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত কনক ভৱন আৰু তলাতলঘৰ প্ৰাংগনত টাং চু ডুৰ ‘ ৱেল্ট পৰীক্ষা ’ দুইতৰপীয়াকৈ অনুষ্ঠিত হৈ যায় ৷ এই পৰীক্ষাত এশৰো অধিক খেলুৱৈৱে অংশগ্ৰহণ কৰে ৷
পৰীক্ষাৰ দায়িত্বত থাকে অসমৰ মুখ্য কাৰিকৰী সঞ্চালক দেৱজিত গগৈ ৷ সহযোগ কৰে শিৱসাগৰ টাং চু ডু জিলা সম্পাদক বিচিত্ৰ বুঢ়াগোহাই, হাৰুণ আলী , দিপাংকৰ চেতিয়া, নিৰ্মল বড়া, আচিক ৰহমান, ফজৰত আলী ,দেৱজিত দুৱৰী, শশাংক গগৈ, দিপজ্যোতি গগৈকে ধৰি বিভিন্ন ঠাইৰ ক্লাৱৰ ব্লেকবেল্টসকলে ৷
অনুষ্ঠানত অসম টাং চু ডু ক্ৰীড়া সন্থাৰ সভাপতি মনোৰঞ্জন বৰগোহাঁই আৰু ৰাষ্ট্ৰীয় টাংচুডু কমিটীৰ বিষয়ববীয়া বৰ্ণালী বুঢ়াগোহাঁই উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃ্দ্ধি কৰে ৷