/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/82d7a516-7fb5-4064-a049-b6c4d1ef929d/sibsagar.jpg)
sivadol
ডিজিটেল সংবাদ,শিৱসাগৰঃ শাৰদীয় দুৰ্গা পূজাৰ যোগেদি শিৱসাগৰে প্ৰেৰণ কৰিলে তাহানিতে আহোম স্বৰ্গদেউ সকলে প্ৰতিষ্ঠা কৰি যোৱা সাতামপুৰুষীয়া ঐক্য সম্প্ৰিতীৰ বাৰ্তা। শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ দুৰ্গা দেৱী দ'লত অনুষ্ঠিত এক অনুষ্ঠানত শিৱসাগৰ চহৰৰ ইছলাম ধৰ্মাৱলম্বী দৌল্লা পৰিয়ালৰ লগতে বেতবাৰীৰ বিখ্যাত কনচেং বৰপাত্ৰগোঁহাই পৰিয়ালক আনুষ্ঠানিকভাৱে পূজাৰ প্ৰসাদ প্ৰদান কৰে।
তাহানিৰ বহিৰাগত আগ্ৰাসনৰ পৰা সাম্প্ৰতিক সময়লৈকে শিৱসাগৰৰ চৌপাশে সম্প্ৰীতিৰ এনাজৰী ইমান শক্তিশালীভাৱে আছে যে কোনো অপশক্তিয়ে এই এনাজৰী চিঙিব নোৱাৰে।
ইয়াকে প্ৰমাণ কৰি শিৱসাগৰৰ দ'ল পৰিচালনা সমিতিয়ে প্ৰতিবছৰে শিৱসাগৰ চহৰৰ ঐতিহাসিক ধাইআলিৰ এটা মুচলমান পৰিয়াললৈ পৰম্পৰাগতভাৱে আগবঢ়াই অহা দুৰ্গা পূজাৰ প্ৰসাদৰ শৰাই প্ৰদান কৰি আহিছে।
উল্লেখ্য যে, ১৭৩৪ খ্ৰীষ্টাব্দত বৰৰজা অম্বিকাই নিৰ্মাণ কৰোৱা দুৰ্গা দেৱী দ'লৰ দুৰ্গা পূজাত বিশ্বাস, ভক্তি আৰু আস্থাৰ লগতে এক সম্প্ৰীতিৰ বিষয় জড়িত হৈ আছে। ধর্মীয় সহনশীলতাৰ দিশত আপুৰুগীয়া উদাহৰণ শিৱসাগৰৰ দুৰ্গা দেৱী দ'ল আৰু শিৱসাগৰ চহৰৰ দৌল্লা পৰিয়াল।
দ'ল স্থাপনৰ দিনৰে পৰা আহোম স্বৰ্গদেউ সকলে ধাইআলিৰ দৌল্লা পৰিয়ালক দেৱী দ'লৰ মাংগলিক অনুষ্ঠান সমূহত ঢাক বজাবৰ বাবে নিয়োগ কৰিছিল। তদুপৰি তেওঁলোকক দ’ল চোৱাচিতা কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল ৷
তেতিয়াৰ পৰা দেৱীদ'লৰ সৈতে এক বিশেষ সম্পর্ক গঢ় লৈ উঠিছিল দৌল্লা পৰিয়ালৰ। বিশেষকৈ দেৱী দ'লৰ দুৰ্গা পূজাৰ সময়চোৱাত মুছলমান সম্প্ৰদায়ৰ দৌল্লা পৰিয়ালৰ বাবে আছিল এক অধিৰ আগ্ৰহৰ বিষয়।
কিয়নো দেৱী পূজাৰ বলিৰ বাবে আগবঢ়োৱা প্ৰসাদ দ'ল কৰ্তৃপক্ষৰ তৰফৰ পৰা দৌল্লা পৰিয়াললৈ আগ কৰাটো শতিকা পুৰণি পৰম্পৰাৰূপে বিবেচিত হৈ আহিছে। জীৱন্ত ছাগলী আহোম ৰাজ শাসনৰ পৰা দৌল্লা পৰিয়াললৈ আগবঢ়াই অহা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/14bc4e9f-816b-4c36-ba7e-7f48df238f36/sivsagar.jpg)
দৌল্লা পৰিয়ালৰ জ্যেষ্ঠ সদস্য মণিৰুদ দৌল্লাই পূৰ্বৰ পৰাই দেৱী দ’লৰ এই নৈবদ্যভাগী গ্ৰহণ কৰি আহিছিল যদিও ইতিপূৰ্বে তেওঁৰ মৃত্যু হোৱাত তেওঁৰ জ্যেষ্ঠ কন্যা তাচমিয়া দৌল্লাই দ’ল পৰিচালনা সমিতিৰ পৰা এই শৰাই গ্ৰহণ কৰে।
দৌল্লা পৰিয়ালক শৰাই প্ৰদান কৰাৰ লগতে বিখ্যাত কনচেং বৰপাত্ৰগোঁহাইৰ পৰিয়ালকো পূজাৰ শৰাই আগবঢ়োৱা হয়। তাহানিৰ দিনৰে পৰা ডাঙৰীয়া বৰপাত্ৰগোঁহাই পৰিয়ালক দুৰ্গা পূজাৰ ভাগ আগবঢ়াই অহা হৈছে।
বৰপাত্ৰগোঁহাই পৰিয়ালৰ হৈ এই শৰাই গ্ৰহণ কৰে বুৰঞ্জীবিদ জীতেন বৰপাত্ৰ গোঁহায়ে। এই অনুষ্ঠানত দ'ল পৰিচালনা সমিতিৰ বিষয়ববীয়া বসন্ত গগৈ, পূজাৰী দুদু বৰঠাকুৰ, দিলীপ বৰঠাকুৰ, ৰাতু কুমাৰ দাসৰ লগতে শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক খলিলুৰ ৰহমান হাজৰিকাৰ সহিতে বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে।