/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c2a30cf3-deb4-4491-ae93-4c910e6f112c/siv_sena.jpg)
sev sena leader death
ডিজিটেল ডেস্ক : শুকুৰবাৰে পাঞ্জাৱৰ অমৃতসৰত শিৱ সেনাৰ নেতা সুধীৰ চুৰীক গুলীয়াই হত্যা কৰা হয়। ঘটনাটো মাজিথা ৰোডৰ গোপাল মন্দিৰৰ বাহিৰত সংঘটিত হয়। চহৰখনৰ অন্যতম ব্যস্ত স্থানত শিৱ সেনাৰ সদ্যৰ সৈতে সুধীৰ চুৰীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল।
আৰক্ষীৰ তথ্য অনুসৰি চুৰীৰ ওপৰত পাঁচটাতকৈও অধিক গুলী চালনা কৰা হৈছিল যাৰ পিছত তেওঁ তললৈ ঢলি পৰিছিল। ততাতৈয়াকৈ তেওঁক এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত মৃত্যু হয় নেতা গৰাকীৰ।
ঘটনাৰ সন্দৰ্ভত সন্দীপ সিং নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।