'ছিট্ৰাং'ৰ প্ৰভাৱত ম্লান পৰিল উৎসৱৰ আনন্দ...

author-image
Asomiya Pratidin
New Update
'ছিট্ৰাং'ৰ প্ৰভাৱত ম্লান পৰিল উৎসৱৰ আনন্দ...

sitrang

ডিজিটেল ডেস্কঃ সাৱধান, উৎসৱৰ বতৰতে প্ৰকৃতিয়ে লৈছে ৰুদ্ৰ ৰূপ। প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰৰ পৰা ১১০ কিলোমিটাৰ বেগেৰে অহা এজাক ঘূৰ্ণী বতাহে আতংকৰ সৃষ্টি কৰিছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে বংগোপসাগৰত সৃষ্টি হোৱা 'ছিট্ৰাং' ঘূৰ্ণীবতাহে মঙলবাৰে ল'ব ধুমুহাৰ ৰূপ। থাইলেণ্ডে ছিট্ৰাং নামেৰে নামাকৰণ কৰা এই ছিট্ৰাং ঘূৰ্ণীবতাহে প্ৰভাৱিত কৰিছে বাংলাদেশৰ উপৰিও ভাৰতৰ পশ্চিমবংগ, উড়িষ্যাকে ধৰি কেইবাখনো ৰাজ্যত তাণ্ডৱ সৃষ্টি কৰাৰ সম্ভাৱনা।

বংগোপসাগৰৰ ওপৰৰে বলা এই বতাহে দেওবাৰে সন্ধিয়া তীব্ৰৰূপ ধাৰণ কৰি সোমবাৰে ধুমুহৈলৈ ৰূপান্তৰ হৈছে। এই ঘূৰ্ণীবতাহ তথা ধুমুহাৰ বাবেই আজি উড়িষ্যা আৰু পশ্চিম বংগৰ বিভিন্ন অঞ্চলত বৃষ্টিপাত আৰম্ভ হৈছে।

একেই অৱস্থা উত্তৰ পূৰ্বাঞ্চলতো। উত্তৰ পূবৰ আটাইকেইখন জিলাত এই ঘূৰ্ণীবতাহৰ বাবেই সোমবাৰে দিনটোত পাতলীয়া বৰষুণ হৈছে। এই বৰষুণ মঙ্গলবাৰেও অব্যাহত থকাৰ সম্ভাৱনা আছে। যদি সেয়াই হয় তেন্তে উৎসৱৰ আনন্দত ম্লান পৰিব।

sitrang cyclone