Advertisment

জামুগুৰিহাটৰ শ্ৰীমন্ত শঙ্কৰদেৱ সেৱাশ্ৰমৰ বৰ নামঘৰত দুই নিশা অনুষ্ঠিত হ’ব “সীতা হৰণ বালি বধ” আৰু “কৰ্ণপৰ্ব” নাট ভাওনা

জামুগুৰিহাটৰ ধলাইবিল কেন্দ্ৰত সাত দশকৰ পূৰ্ব্বেই বৃহত্তৰ অঞ্চলটোৰ বহুকেইগৰাকী স্বপ্নদ্ৰষ্টা আৰু দূৰদৰ্শী মহান ব্যক্তিয়ে প্ৰতিষ্ঠা কৰিছিল “শ্ৰীমন্তশঙ্কৰদেৱ সেৱাশ্ৰম” নামৰ ধৰ্ম্মীয় অনুষ্ঠানৰ

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
bhaona

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ধলাইবিল কেন্দ্ৰত সাত দশকৰ পূৰ্ব্বেই বৃহত্তৰ অঞ্চলটোৰ বহুকেইগৰাকী স্বপ্নদ্ৰষ্টা আৰু দূৰদৰ্শী মহান ব্যক্তিয়ে প্ৰতিষ্ঠা কৰিছিল “শ্ৰীমন্তশঙ্কৰদেৱ সেৱাশ্ৰম” নামৰ ধৰ্ম্মীয় অনুষ্ঠানৰ। অনুষ্ঠানটিৰ এইবাৰ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে ৷

Advertisment

এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্তশঙ্কৰদেৱ সেৱাশ্ৰমৰ বৰ নামঘৰত ২৩ আৰু ২৪ নবেম্বৰ দুই নিশা অনুষ্ঠিত হ’ব  “সীতা হৰণ বালি বধ” নাট ভাওনা আৰু  “কৰ্ণপৰ্ব ” নাট ভাওনা৷ বিগত এক মাহ ধৰি অঞ্চলটোৰ সুনিপুণ ভাৱৰীয়াসকলে চলাই আছে এই ভাওনাৰ আখৰা ৷ 

সমূহ কাৰ্য্যসূচীত জাতি ধৰ্ম্ম বৰ্ণ ভাষা নিৰ্ব্বিশেষে সকলোশ্ৰেণীৰ ধৰ্ম্মপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে শ্ৰীমন্তশঙ্কৰদেৱ সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি বুবুল বৰা আৰু সম্পাদক প্ৰাঞ্জল কলিতাৰ লগতে বিষয়ববীয়া সদস্যসকলে ৷

jamugurihat