/asomiyapratidin/media/media_files/2025/10/16/fffff-2025-10-16-14-27-06.jpg)
ডিজিটেল ডেস্কঃ জুবিন মৃত্যুকাণ্ডৰ তদন্তৰ বাবে অহা ২০অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ এছ আই টিৰ দল। এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যোৱা এই দলটোৱে ২১অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত বহিব।
ছিংগাপুৰৰ আৰক্ষীয়ে এতিয়ালৈকে জুবিন মৃত্যুকাণ্ডক লৈ চলোৱা তদন্তৰ অগ্ৰগতিৰ লগতে প্ৰৱাসী অসমীয়াসকলে তাত কি ভাষ্য প্ৰদান কৰিছে তাৰ সৈতে কিছু তথ্য মিলাই চাব। উল্লেখ কৰা প্ৰয়োজন যে, ছিংগাপুৰলৈ অসম আৰক্ষীৰ দল যোৱাৰ কথা এক্সত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।