হিমন্ত বিশ্ব শৰ্মাৰ মানহানি গোচৰ: নৱেম্বৰত ন্যায়ালয়ত উপস্থিত হ'ব লাগিব দিল্লীৰ উপ-মুখ্যমন্ত্ৰী

গুৱাহাটী উচ্চ ন্যায়ালয়ে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ (চিজেএম) আদালতে নাকচ কৰিছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াৰ আবেদন।

author-image
Asomiya Pratidin
New Update
দিল্লীত বিজেপিয়ে পিছ দুৱাৰেৰে চৰকাৰ চলাবলৈ চেষ্টা: মনীষ চিচোদিয়া

ডিজিটেল ডেস্ক: গুৱাহাটী উচ্চ ন্যায়ালয়ে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ (চিজেএম) আদালতে নাকচ কৰিছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াৰ আবেদন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ উপ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে দাখিল কৰিছিল মানহানিৰ গোচৰ। এই মানহানিৰ প্ৰক্ৰিয়া বাতিল কৰাৰ বাবে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ আবেদন নাকচ কৰিছে আদালতে।

Advertisment

উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰতি লক্ষ্য ৰাখি চিছোদিয়াই ১৯ নৱেম্বৰত বিচাৰ আদালতত হাজিৰ হ'ব লাগিব।

উল্লেখ্য যে, আগষ্টত, চিজেএম আদালতে চিছোদিয়াক চমন জাৰি কৰি ২৯ ছেপ্টেম্বৰত ব্যক্তিগতভাৱে হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল। কিন্তু দিল্লীৰ উপ মুখ্যমন্ত্ৰীয়ে এয়া বাতিল কৰিবলৈ আদালতৰ কাষ চাপিছিল।

তাৰ পাছতেই ন্যায়ালয়ে চিছোদিয়াক ১৯ নৱেম্বৰত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে।

manish sisodia delhi delhi airport himanta biswa sarma