Advertisment

চিচিবৰগাঁও নাৰী নিৰ্যাতন কাণ্ডৰ তদন্তৰ দাবী জাতীয় মহিলা পৰিষদৰ

চিচিবৰগাঁও চুমনি গাঁৱত নদীত গা ধুবলৈ যোৱা এগৰাকী অতি দৰিদ্ৰ মহিলাক কেইজনমান দুস্কৃতিকাৰীয়ে নিৰ্মম প্রহাৰ কৰাৰ লগতে ধর্ষণ কৰা ঘটনাৰ বিৰোধিতাৰে তদন্তৰ দাবী জনায়।

author-image
Asomiya Pratidin
New Update
sd

ডিজিটেল ডেস্কঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ ধেমাজি জিলা সমিতিয়ে ২০২৫ বৰ্ষৰ প্ৰথম দিনটোতে চুমনি গাঁৱত সংঘটিত ধর্ষণ কাণ্ডৰ তীব্র গৰিহণা দিয়ে। চিচিবৰগাঁও চুমনি গাঁৱত নদীত গা ধুবলৈ যোৱা এগৰাকী অতি দৰিদ্ৰ মহিলাক কেইজনমান দুস্কৃতিকাৰীয়ে নিৰ্মম প্রহাৰ কৰাৰ লগতে ধর্ষণ কৰা ঘটনাৰ বিৰোধিতাৰে তদন্তৰ দাবী জনায়।

Advertisment

লগতে প্রশাসনে যিজন অভিযুক্তক কৰায়ত্ত কৰিছে তেওঁক নাবালক বুলি কোৱা কথাতো ৰাইজে কোনো কাৰণতে মানিব পৰা নাই বুলিও উল্লেখ কৰে। আমি ধেমাজি জিলা জাতীয় মহিলা পৰিষদে ধর্ষণ কার্য সংঘটিত কৰা প্রত্যেকজন ধর্ষণকাৰীক ক্ষিপ্র তদন্ত কৰি কৰায়ত্ত কৰি উচিত আইনী শাস্তি প্রদান কৰিবলৈ দাবী জনায়।

লগতে ভুক্তভোগী মহিলা গৰাকীক অসম চৰকাৰৰ তৰফৰ পৰা সংস্থাপনৰ বিশেষ ব্যৱস্থা কৰিবৰ বাবে দাবী কৰে অন্যথা পৰৱৰ্তী সময়ত গণতান্ত্রিক আন্দোলন গ্রহণ কৰিলে জাতীয় মহিলা পৰিষদ দায়ী নহ'ব বুলি উল্লেখ কৰি জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

জাতীয় মহিলা পৰিষদ