ক্ষন্তেক পাছতে বাজি উঠিব ছাইৰেন : জনতাকলৈ চলিব যুদ্ধৰ আখৰা

আৰম্ভ হৈছে প্ৰহৰ গণনা। আৰু মাত্ৰ কিছু সময় পাছতে দেশজুৰি বাজি উঠিব ছাইৰেন। বিয়লি ৪-০০ বজাৰ লগে লগে সমগ্ৰ দেশৰ উপৰি অসমৰ ২০ স্থানতো বাজি উঠিব মকড্ৰিলৰ ছাইৰেন। 

author-image
Asomiya Pratidin
New Update
ক্ষন্তেক পাছতে বাজি উঠিব ছাইৰেন : জনতাকলৈ চলিব যুদ্ধৰ আখৰা

ক্ষন্তেক পাছতে বাজি উঠিব ছাইৰেন : জনতাকলৈ চলিব যুদ্ধৰ আখৰা

ডিজিটেল ডেস্ক : আৰম্ভ হৈছে প্ৰহৰ গণনা। আৰু মাত্ৰ কিছু সময় পাছতে দেশজুৰি বাজি উঠিব ছাইৰেন। বিয়লি ৪-০০ বজাৰ লগে লগে সমগ্ৰ দেশৰ উপৰি অসমৰ ২০ স্থানতো বাজি উঠিব মকড্ৰিলৰ ছাইৰেন। 

Advertisment

পেহেলগামৰ ঘটনাৰ পোটক তুলিবলৈ সম্পূৰূপে সাজু হৈ উঠিছে ভাৰত। যিকোনো মূহুৰ্ততে ঘোষণা হ’ব পাৰে যুদ্ধৰ। তাৰ বাবে দেশৰ জনসাধাৰণৰ সা- সম্পত্তি তথা কাৰো হানি- বিঘিনি হয়, তাৰ বাবে সতৰ্ক হৈছে চৰকাৰী পক্ষ।

সেয়েহে আজি দেশজুৰি ৪-০০ বজাত বাজিব ছাইৰেন। তাৰ পাছতে প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হ’ব মকড্ৰিল।

ইতিমধ্যে মকড্ৰিলৰ বাবে সাজু হৈ উঠিছে বিভাগীয় কৰ্তৃপক্ষ। আৰক্ষী, বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী, এন চি চি, অসাময়িক বিভাগ, স্বাস্থ্য বিভাগ, এছডিআৰএফ, তথ্য আৰু জনসংযোগ বিভাগে এয়াৰ ৰেইড মক ড্ৰিল অনুষ্ঠানত অংশগ্ৰহণ কৰিব।  

উল্লেখযোগ্য যে, অসমৰ ২০ টা স্থানত হ’ব মকড্ৰিল। স্থানকেইটা হৈছে- গুৱাহাটী, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, ডিগবৈ, দুলীয়াজান, ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ, দৰং, নুমলীগড়, গোলাঘাট, কাৰ্বি আংলং আৰু কোকৰাঝাৰ।

যুদ্ধ