/asomiyapratidin/media/media_files/2025/03/15/DdlbpmZgNJUu1cEAR5wV.jpg)
ডিজিটেল সংবাদ, ছিপাঝাৰ : দীৰ্ঘদিনে বহু আবেদন-নিবেদন কৰাৰ পিচতো ছিপাঝাৰৰ পিঠাখোৱাপাৰাত এটি জৰাজীৰ্ন পথ নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি সন্ধিয়া গাঁৱৰ একাংশ ৰাইজে বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ সন্মুখত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।
উল্লেখ্য যে হাজৰিকাপাৰা গাঁও পঞ্চায়ত এলেকাৰ পিঠাখোৱাপাৰাৰ এটি জৰাজীৰ্ণ পথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহনৰ বাবে গাঁৱৰ ৰাইজে দীৰ্ঘদিনৰে পৰা পঞ্চায়ত প্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আবেদন নিবেদন কৰি আহিছে যদিও কোনো সুফল পোৱা নাই।
এই ক্ষেত্ৰত গাঁৱৰ ৰাইজে উত্থাপন কৰা এক অভিযোগ মতে হাজৰিকাপাৰা পঞ্চায়তৰ ৰিতুমনি মজুমদাৰ নামৰ এগৰাকী সহায়ক অভিযন্তাই পথটো নিৰ্মাণ কৰি দিয়াৰ নামত গাঁৱৰ ৰাইজৰ পৰা ৩০ হাজাৰ টকা উৎকোচ লৈছিল যদিও পথটো নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।
এই লৈ গাঁওখনৰ ৰাইজে আজি সন্ধিয়া বিধায়ক পৰমানন্দ ৰাজবংশীক পথটোৰ জৰাজীৰ্ণ ৰূপ দেখুৱাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। একাংশ লোকে তোলা অভিযোগ মতে পঞ্চায়তৰ সহায়ক অভিযন্তা গৰাকীয়ে পথটো নিৰ্মাণৰ আঁচনি অনুমোদনৰ নামত গাঁৱৰ ৰাইজৰ পৰা ৩০ হাজাৰ টকা বিচাৰিছিল। সেই অনুসৰি জৰাজীৰ্ণ পথটো নিৰ্মাণৰ স্বাৰ্থত পথটোৰে যাতায়ত কৰা প্ৰতিটো পৰিয়ালৰ পৰা এহাজাৰকৈ ধন সংগ্ৰহ কৰি মুঠ ৩০ হাজাৰ টকা সহায়ক অভিযন্তা গৰাকীক উৎকোচ দিছিল।
কিন্তু পথটো নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত গাঁৱৰ ৰাইজে বিধায়কগৰাকীৰ সন্মুখত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। দেৱানন্দ পঞ্চায়ত এলেকাত বিজেপিৰ এক সাংগঠনিক সভাত অংশ লৈ উভতি অহাৰ পথত ৰাইজে বিধায়ক গৰাকীক বহু সময় ধৰি আৱদ্ধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পাছত বিধায়কগৰাকীয়ে দুই এদিনৰ ভিতৰতে পথটো নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us