/asomiyapratidin/media/media_files/2025/12/09/ntgyrterte-2025-12-09-19-52-18.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত শিক্ষাবিদ, ইতিহাসবিদ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মাধুৰ্যমণ্ডিত বৰুৱাক "চিন্তা বাৰিধি-২০২৫" বঁটা প্ৰদান কৰা হয়। শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ জুবিন সাহিত্য ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা ‘খোজ’ৰ গ্ৰন্থ উৎসৱত প্ৰদান কৰা হয় এই বঁটা। শিৱসাগৰ জিলাৰ এক অগ্ৰণী আৰ্থ-সামাজিক, সাংস্কৃতিক অনুষ্ঠান জোনাকী সমাজে তেখেতক এই বঁটা প্ৰদান কৰে । এই বঁটা গ্ৰহণ কৰি ড° মাধুৰ্যমণ্ডিত বৰুৱাৰ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ।
ড° মাধুৰ্যমণ্ডিত বৰুৱাই উল্লেখ কৰে যে, জুবিন গাৰ্গৰ মৃত্যু সমগ্ৰ জাতিৰ বাবে এক অনাকাংক্ষিত ঘটনা। ১২ ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰাৰ কথা যিহেতু উল্লেখ কৰিছে আৰু জুবিন গাৰ্গক হত্যা কৰা বুলি মন্তব্য কৰিছে তাৰ অন্তৰালত নিশ্চয় কিবা এটা আছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/09/whatsapp-2025-12-09-19-52-39.jpeg)
পঞ্জীয়কগৰাকীয়ে লগতে উল্লেখ কৰে যে, বিদেশী সংগীতশিল্পী অসমলৈ অহাটোৱে নিশ্চয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে অসমক লাভৱান কৰিব। কিন্তু আজিৰ প্ৰজন্মই সন্মুখত দেখি থকাখিনিক অনুকৰণ কৰে। গতিকে ই সমাজৰ বাবে ক্ষতিকাৰক বুলিহে মই ভাবো বুলি বিদেশী পপ ষ্টাৰ পষ্ট মেলন সন্দৰ্ভত মন্তব্য কৰে পঞ্জীয়কগৰাকীয়ে।
আনহাতে, বঁটা লাভ কৰা সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, মই প্ৰকৃততে এজন সাধাৰণ শিক্ষক উঠি অহা প্ৰজন্মৰ বাবে কিঞ্চিত কিবা এটা কৰিছো। কিন্তু বঁটা লাভ কৰালৈ একো কৰা নাই। বঁটাই মানুহৰ দায়বদ্ধতা বৃদ্ধি কৰে। মোৰো দায়বদ্ধতা বৃদ্ধি কৰিলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us