শিৱসাগৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ আহ্বান মানস ৰবীনৰ

শিৱসাগৰত উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে কণ্ঠশিল্পী গৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
dasdasda

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে কণ্ঠশিল্পী গৰাকীয়ে। "শিৱসাগৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা কোনো কাম যাতে কোনেও নকৰে। বাংলাদেশী বিতাৰণ হ'বই লাগিব।" কিন্তু ক্ষণিকৰ আবেগত যাতে কোনেও ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহয়, তাৰ বাবে আহ্বান জনালে মানস ৰবীনে। 

ইফালে, গৰিয়াসকলৰ লগত আলোচনা কৰি বাংলাদেশী চিনাক্তকৰণ কৰাৰ লগতে আইনী প্ৰক্ৰিয়াৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান কণ্ঠশিল্পীগৰাকীয়ে। আনহাতে, বেদখল আৰু উচ্ছেদ সন্দৰ্ভতো নিজৰ স্থিতি স্পষ্ট কৰে মানস ৰবীনে। একেদৰে, আটাছুৰ এটা ফৈদে আহ্বান জনোৱা শিৱসাগৰ বন্ধ আনটো ফৈদে বিৰোধিতা কৰা সন্দৰ্ভতো সকলো পক্ষকে সংযম ৰাখিবলৈ আহ্বান জনালে কণ্ঠশিল্পীগৰাকীয়ে।

শিৱসাগৰ মানস ৰবীন