২০১২ৰ পৰাই শ্বাহৰুখে পূজাৰ নামত খৰচ কৰে কোটি কোটি টকা

পূজা দাদলানী। পূজা হৈছে শ্বাহৰুখ খানৰ মেনেজাৰ। শ্বাহৰুখ খানৰ প্ৰায়বোৰ কাম- কাজ এই পূজা দাদলানীয়ে চোৱা- চিতা কৰে। যাৰ বাবে কোটি টকাৰ ঘৰত পূজাই শ্বাহৰুখ খানৰ পৰা লাভ কৰে দৰমহা। 

author-image
Asomiya Pratidin
New Update
412

ডিজিটেল ডেস্ক : বলিউদৰ প্ৰায় সংখ্যক অভিনেতা- অভিনেত্ৰী তথা চেলেব্ৰেটীৰে আছে মেনেজাৰ তথা ব্যক্তিগত সহায়ক। চেলেব্ৰেটীসকল ক’ত যাব, কাক লগ কৰিব, ক’ত, কি খাব ইত্যাদি সকলো চোৱা-চিতা কৰে মেনেজাৰসকল। লগতে আন আন কাম- কাজ তদাৰকৰ বাবেও সুকীয়া সুকীয়াকৈ একোজন ব্যক্তি নিয়োগ কৰে চেলেব্ৰেটীসকলে। 

Advertisment

তেওঁলোকৰ দৈনন্দিক কাম- কাজ তথা অন্যান্য দিশ চোৱা- চিতা কৰাৰ বাবে মেনেজাৰসকলক দিয়ে উপযুক্ত দৰমহা। লাখ টকাৰ পৰা কোটি টকাৰ ঘৰত মেনেজাৰসকলক দিয়া হয় দৰমহা। কিন্তু বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খানে নিজৰ মেনেজাৰৰ নামত পৰিশোধ কৰা দৰমহাৰ পৰিমাণ জানিলে আপুনিও আচৰিত হ’ব।

পূজা দাদলানী। পূজা হৈছে শ্বাহৰুখ খানৰ মেনেজাৰ। শ্বাহৰুখ খানৰ প্ৰায়বোৰ কাম- কাজ এই পূজা দাদলানীয়ে চোৱা- চিতা কৰে। যাৰ বাবে কোটি টকাৰ ঘৰত পূজাই শ্বাহৰুখ খানৰ পৰা লাভ কৰে দৰমহা। 

শ্বাহৰুখ খানৰ পাৰ্টী, শ্বুটিং, শ্ব’ ইত্যাদি সকলো পৰ্যবেক্ষণ কৰাৰ উপৰি মাৰ্কেটিংৰো প্ৰায়বোৰ কাম- কাজ পূজাই তদাৰক কৰাৰ বাবে বছৰি তেওঁ লাভ কৰে ৭ৰ পৰা ৯ কোটি টকা। মহাৰাষ্ট্ৰৰ আৰ ডি এণ্ড এছ এইছ নেচনেল কলেজৰ পৰা মাছ মিডিয়াত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা পূজাই ২০১২ চনৰ পৰা শ্বাহৰুখ খানৰ মেনেজাৰ হিচাপে দায়িত্ব পালন কৰি আছে। 

শেহতীয়াকৈ বিলাসী মাৰ্চেডিজ বেঞ্জ ক্ৰয় কৰা পূজাৰ সম্পত্তিৰ পৰিমাণ ৫০ কোটিৰো অধিক। তাৰোপৰি তেওঁৰ আৰু বহু সম্পত্তি থকাৰ কথা বিভিন্ন মাধ্যমযোগে জানিব পৰা গৈছে।

এগৰাকী দক্ষ মেনেজাৰ হিচাপে বলিউদত পূজাৰ নাম আছে। শ্বাহৰুখ খানৰ পূৰ্বে তেওঁ দিপীকা পাডুকনৰ মেনেজাৰ হিচাপে কাম কৰিছিল পূজাই।

shahrukh khan