আজি আনুষ্ঠানিক ভাৱে উদ্বোধন হ'ল চিমেন-চিচি টঙানি উন্নয়ন খণ্ড...

আনুষ্ঠানিকভাৱে ধেমাজি জিলাত আজি মুকলি হ'ল চিমেন-চিচি টঙানি উন্নয়ন খণ্ড। নৱ গঠিত এই চিমেন-চিচি টঙানি উন্নয়ন খণ্ড মুঠ ১৩ খন পঞ্চায়তকলৈ গঠন কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
আজি আনুষ্ঠানিক ভাৱে উদ্বোধন হ'ল চিমেন-চিচি টঙানি উন্নয়ন খণ্ড...

ডিজিটেল সংবাদ চিলাপথাৰঃ আনুষ্ঠানিকভাৱে ধেমাজি জিলাত ভূমিষ্ঠ হ'ল ষষ্ঠটো উন্নয়ন খণ্ড। আজি মুকলি হ'ল চিমেন-চিচি টঙানি উন্নয়ন খণ্ড। নৱ গঠিত এই চিমেন-চিচি টঙানি উন্নয়ন খণ্ড মুঠ ১৩ খন পঞ্চায়তকলৈ গঠন কৰা হৈছে। 

Advertisment

জোনাইৰ বিধায়ক ভূৱন পেগু, সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত আজি ডিমৌত এই নৱ গঠিত চিচি টঙানি উন্নয়ন খণ্ডৰ লগতে কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ৰ আনুষ্ঠানিকবাৱে উদ্বোধন কৰা হয়।

উল্লেখ্য যে, চিমেন চাপৰিৰ পৰা চিচি টঙানিলৈকে বিশাল এলেকাৰ মধ্যস্থল ডিমৌত নিৰ্মীত উন্নয়ন খণ্ডটোৰ প্ৰতিষ্ঠাত বিশেষ বৰঙণি আগবঢ়াইছিল স্থানীয় সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৱে। সেয়ে আজি এই দুয়োগৰাকী নেতাক ডিমৌ চাৰিআলিৰ পৰা ঢোলে-ডগৰে ৰজনজনোৱা এক পৰিৱেশৰ মাজৰে আদৰি আনে উল্লসিত ৰাইজে। 

পিছত এই দুয়োগৰাকী নেতাই ফিটা কাটি কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে। ইফালে এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত দুয়োগৰাকী নেতাই বক্তব্যও ৰাখে। বক্তব্যত আজিৰ দিনটোত ৰাইজৰ বহু দিনীয়া এক আশা পূৰণ হোৱা বুলি সদৰি কৰে। 

তাৰোপৰি অচিৰেই ডিমৌতে এটা ৰাজহ চক্ৰৰ কাৰ্যালয় নিৰ্মাণৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰি পিছপৰা অঞ্চলটোত উন্নয়ন খণ্ড প্ৰতিষ্ঠাৰ দৰে ঐতিহাসিক পদক্ষেপ গ্ৰহণৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক স্থানীয় সাংসদ আৰু বিধায়কজনে কৃতজ্ঞতা জ্ঞাপন কৰে। 

সমস্যাৰে জৰ্জৰিত ৰাইজৰ সুদীৰ্ঘ দিনৰ সপোন বাস্তৱায়িত হোৱাৰ আনন্দত আজি সূৰ্যৰ প্ৰচণ্ড উত্তাপকো নেওচি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰায় দুই হাজাৰ স্থানীয় লোক। অনুষ্ঠানত তাৰোপৰি উপস্থিত থাকে জিলা আয়ুক্তৰ লগতে সংশ্লিষ্ট বিভাগৰ কেইবাজনো জিলাৰ শীৰ্ষ বিষয়া। 

 

চিলাপথাৰ জোনাই