ডিজিটেল সংবাদ,চিলাপথাৰঃ অৱশেষত নেগুৰ পেলাবলৈ বাধ্য হ'ল চিমেন চাপৰি পশু বজাৰত সাংবাদিকক অপদস্থকাৰী দল। সোমবাৰে সংবাদমেল অনুষ্ঠিত কৰি দোষ স্বীকাৰ কৰে অভিযুক্ত দলটোৱে। জানিব পৰা মতে, দেওবাৰে বাতৰি সংগ্ৰহৰ বাবে জোনাইৰ চিমেন চাপৰিৰ সাপ্তাহিক পশু বজাৰলৈ যোৱা সাংবাদিক বৃষ্টি পাংগিং আৰু বসন্ত ফুয়েলক অপদষ্ট কৰিছিল একাংশ লোকে।
বাতৰি ল'বলৈ গৈ ভাষ্য সংগ্ৰহ কৰা সংবাদ মাধ্যমৰ লোকক অশ্ৰাব্য গালি গালাজ কৰাৰ লগতে সাংবাদিকৰ বুম পৰ্যন্ত কাঢ়ি লৈ চৰম দৌৰত্ম্য প্ৰদৰ্শন কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল দলটোৱে।
ঘটনাকলৈ চূড়ান্তভাৱে অপমানিত দুই সাংবাদিকে চিমেন চাপৰি থানত এখন এজাহৰ দাখিল কৰে। দোষিক কঠোৰ শাস্তিৰ দাবীত ৰাজ্যজুৰি তীব্ৰ ধিক্কাৰ আৰু গৰিহণা অব্যাহত থকাৰ পিছতে নেজ দাঙিলে অভিযুক্তৰ দলে।
দলটোৱে আজি চিলাপথাৰ প্ৰেছ ক্লাবত উপস্থিত হৈ নিজৰ ভুলৰ বাবে অনুতপ্ত হোৱা বুলি দোষ স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনা বিচাৰে। ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নকৰোঁ বুলিও লিখিত প্রতিশ্ৰুতি দিলে।