/asomiyapratidin/media/media_files/2025/02/11/IbUnhZPQgBFSEhHgpfY7.jpg)
ৰাজীৱ শদিয়া
ডিজিটেল ডেস্কঃ ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই। উজনি অসমত ৰাজীৱ শদিয়াৰ মৃ্ত্যুয়ে একপ্ৰকাৰৰ যেন গণ জাগৰনৰ সৃষ্টি কৰিছিল। লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হৈছিল ৰাজীৱ শদিয়াৰ শ্ৰাদ্ধ।
ৰাজীৱ শদিয়াৰ সত্বা আৰু ব্যক্তিত্বক লৈ ভিন্ন মহলত আলোচনা হৈ থকাৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা বিশেষ স্কীণচৰ্ট। ৰাজীৱ শদিয়া জীৱিত অৱস্থাতে কন্ঠশিল্পী সীমান্ত শেখৰে নিজা ফেচবুক পেইজত আপলোড কৰিছিল এই বিশেষ পোষ্টটো।
সীমান্ত শেখৰে তেওঁৰ এটা বিখ্যাত গীত গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোতসৱত এক বিশেষ নৃত্যত ব্যৱহাৰ হোৱাৰ খবৰ এই পোষ্টটোৰ জৰিয়তে ৰাজহুৱা কৰিছিল। ফেচবুক পোষ্টটোত সীমান্ত শেখৰে লিখিছিল যে, -'আগন্তুক ৫৩সংখ্যক গোৱা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোতসৱত ফিউজন নৃত্য প্ৰদৰ্শন কৰিব বহুকেইগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা অভিনেত্ৰীয়ে। তাৰে প্ৰস্তুতিত আমাৰ গান জিলেলে জিলেলে'ত এক নৃত্য খুবেই আপ্লুত হৈছো। '
সীমান্ত শেখৰে এই পোষ্টটো ফেচবুকত আপলোড দিয়াৰ পাছতে সেই সময়ত ৰাজীৱ শদিয়াৰ ফেচবুক একাউন্ট 'ৰাজীৱ শদিয়া অসম'ৰ পৰা এটা কমেন্ট আহিছিল। সেই কমেন্টত প্ৰয়াত ৰাজীৱ শদিয়াই দাবী কৰিছিল যে, এই গানটো আচঁলতে তেওঁৰহে আছিল।
কমেন্টত ৰাজীৱ শদিয়াই লিখিছিল এনেদৰে- এইটো মোৰহে গান আছিল। পাছলৈ বেলেগৰ পৰা গান লৈ কৰিলে সম্পূৰ্ণ তথ্য লৈ কৰিব। আপুনি জনা বুজা মানুহ, বিশেষ নকওঁ।
ৰাজীৱ শদিয়াৰ জীৱিত অৱস্থাত এই কমেন্ট তথা মন্তব্যক লৈ বৰ বেছি চৰ্চা হোৱা নাছিল যদিও শেহতীয়াকৈ এই কমেন্টৰ স্কীণচৰ্ট ভাইৰেল হৈ পৰিছে মোবাইলে মোবাইলে। সৃষ্টি হোৱা এই বিৰ্তকক লৈ এতিয়ালৈকে মুখ খোলা নাই কন্ঠশিল্পী সীমান্ত শেখৰেও।
উল্লেখ কৰা প্ৰয়োজন যে, সীমান্ত শেখৰে কন্ঠ নিগৰোৱা এই গানটোত ইউটিউবত আছে ২০মিলিয়নৰো অধিক দৰ্শক। আনহাতে আচৰিত কথাটো হৈছে যে, এই গানটোৰ সৈতে জড়িত থকাৰ ক্ষেত্ৰত কতোৱে নাম নাই ৰাজীৱ শদিয়াৰ। গানটোৰ কথা আৰু সুৰ সঞ্জয় গগৈ আৰু এলবাৰ্ট গগৈৰ বুলিহে ইউটিউবত উল্লেখ কৰি থৈছে সীমান্ত শেখৰে।
এনে এক পৰিপ্ৰেক্ষিতত এতিয়া নেটিজেন সকলে প্ৰশ্ন কৰিছে যে, সততে উত্থাপন হৈ থকা গান চুৰিৰ ঘটনাৰ ভুক্তভোগী আছিল নেকি ৰাজীৱ শদিয়া। ৰাজীৱ শদিয়াৰ সৃষ্টিক লৈ অন্য কোনোৱে লৈছিল নেকি কৃতিত্ব! এতিয়া সেই কথাৰ স্পষ্টীকৰণ বিচাৰিছে নেটিজেনে...