যুদ্ধত নামিল সীমান্ত শেখৰ!

আকৌ চৰ্চাত গায়ক সীমান্ত শেখৰ। ভাৰত-পাকিস্তানৰ মাজত উত্তেজনাময় পৰিৱেশৰ মাজত এইবাৰ এগৰাকী কন্ঠশিল্পীৰ বিৰুদ্ধে যুদ্ধত নামিল বিৰ্তকিত এইগৰাকী শিল্পী। সামাজিক মাধ্যমত সীমান্ত শেখৰে এই যুদ্ধৰ সূচনা কৰিছে।

New Update
new ap web  িিিsimanta

ডিজিটেল ডেস্কঃ আকৌ চৰ্চাত গায়ক সীমান্ত শেখৰ। ভাৰত-পাকিস্তানৰ মাজত উত্তেজনাময় পৰিৱেশৰ মাজত এইবাৰ এগৰাকী কন্ঠশিল্পীৰ বিৰুদ্ধে যুদ্ধত নামিল বিৰ্তকিত এইগৰাকী শিল্পী। সামাজিক মাধ্যমত সীমান্ত শেখৰে এই যুদ্ধৰ সূচনা কৰিছে।

এগৰাকী কন্ঠশিল্পীয়ে যুদ্ধ নালাগে বুলি এক পোষ্ট কৰিছিল। নীলোতপল বৰা নামৰ শিল্পীগৰাকীৰ সেই পোষ্টক লৈ যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত শিল্পীগৰাকীয়ে নিজৰ ফেচবুক একাউন্টৰ পৰা এই পোষ্ট ডিলিট কৰিছিল।

ইয়াকে কেন্দ্ৰ কৰি শিল্পী সীমান্ত শেখৰে কন্ঠশিল্পীগৰাকীৰ নাম উল্লেখ কৰা নকৰাকৈ তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী তুলি সূচনা কৰিছে এই যুদ্ধৰ। শিল্পী সীমান্ত শেখৰে লিখিছে- এয়া সময় শ্ব কলড এই শিল্পীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ।

তেওঁক দেশদ্ৰোহী আখ্যা দি সহশিল্পীজনক নৰকলৈ যাওঁক বুলি উল্লেখ কৰিছে এই পোষ্টটোত সীমান্ত শেখৰে। 

সীমান্ত শেখৰ