গান নহয়, এইবাৰ গড়! দিন বেয়া চলিছে সীমান্ত শেখৰৰ...

বিৰ্তক আৰু সীমান্ত শেখৰ যেন একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। ইটোৰ পাছত সিটো বিৰ্তকৰ অন্তৰালত থাকে সীমান্ত শেখৰৰ নাম। শেহতীয়াকৈ ৰাজীৱ শদিয়াৰ এটা গানক লৈ সৃষ্টি হোৱা

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ গড়

কাজিৰঙাৰ গড়

ডিজিটেল ডেস্কঃ বিৰ্তক আৰু সীমান্ত শেখৰ যেন একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। ইটোৰ পাছত সিটো বিৰ্তকৰ অন্তৰালত থাকে সীমান্ত শেখৰৰ নাম। শেহতীয়াকৈ ৰাজীৱ শদিয়াৰ এটা গানক লৈ সৃষ্টি হোৱা বিৰ্তকৰ অৱসান নৌহওঁতেই পুনৰ এক নতুন বিৰ্তকত নাম সাঙুৰ খালে সীমান্ত শেখৰৰ। 

Advertisment

যোৱা দেওবাৰে সীমান্ত শেখৰে ফেচবুকত দিছিল এটা বিশেষ আপডেট। কাজিৰঙাৰ এশিঙিয়াৰ গড়ক লৈ  অচিৰেই বিগ বাজেটৰ এখন ছবিৰ প্ৰকল্প আৰম্ভ হোৱাৰ কথা সদৰি কৰিছিল সীমান্ত শেখৰে। অহা এপ্ৰিলৰ পৰা এই ছবিৰ কাম আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছিল অসম চলচ্চিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষগৰাকীয়ে। 

ইমান এটা ভাল ঘোষণা কৰিবলৈও গৈও যেন পুনৰ উজুটি খালে সীমান্ত শেখৰে। কাজিৰঙা শীৰ্ষক ছবিখনৰ যি পোষ্টাৰ সীমান্ত শেখৰে শ্বেয়াৰ কৰিছিল, তাত থকা গড়টো অসমৰ নাছিল। বৰঞ্চ কাজিৰঙা শীৰ্ষক ছবিখনৰ পোষ্টাৰত থকা গড়টো আছিল আফ্ৰিকাৰ। চাওঁক সীমান্ত শেখৰে শ্বেয়াৰ কৰা সেই পোষ্টটো-

সীমান্ত শেখৰৰ সেই পোষ্টটো
সীমান্ত শেখৰৰ সেই পোষ্টটো Photograph: (সীমান্ত শেখৰৰ সেই পোষ্টটো)

 

সীমান্ত শেখৰে এই পোষ্টটো দিয়াৰ পিছতে ব্যপক ট্ৰলৰ সন্মুখীন হয়। পৰিস্থিতি দেখি উক্ত পোষ্টাৰখন ডিলিট কৰি দিয়ে। কিন্তু ডিলিট কৰাৰ পাছতো একাংশই সীমান্ত শেখৰৰ জ্ঞানক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে। বহুতে কৈছে- কাজিৰঙাক লৈ প্ৰকল্প কৰাটো খুবেই ভাল কথা, কিন্তু তাৰ পূৰ্বে কাজিৰঙাক লৈ সম্যক জ্ঞান থকাটোও প্ৰয়োজনীয়।

আনহাতে একাংশই সীমান্ত শেখৰক প্ৰশ্ন কৰিছে যে, আফ্ৰিকাৰ পৰা গড় আনি কাজিৰঙাত শ্বুটিং কৰাৰ পৰিকল্পনা কৰা হৈছে নেকি! এনে ধৰণেই এতিয়া পুনৰ আন এটা বিৰ্তকত নাম সাঙুৰ খাইছে সীমান্ত শেখৰৰ। অৱশ্যে এতিয়ালৈকে সীমান্ত শেখৰে ইয়াক লৈ কোনো স্পষ্টীকৰণ দিয়া নাই।

সীমান্ত শেখৰ