হয়, ৰাজীৱেই প্ৰথম গাইছিল জিলেলে জিলেলে- স্বীকাৰ কৰিলে সীমান্ত শেখৰে

জিলেলে জিলেলে আছিল ৰাজীৱ শদিয়াৰ গীত। জীৱিত কালতে এই বিষয়টোক লৈ সামাজিক মাধ্যমত মন্তব্য কৰিছিল ৰাজীৱ শদিয়াই। সীমান্ত শেখৰৰ এটা ফেচবুক পোষ্টত ৰাজীৱ শদিয়াই এই গীতটো যে তেওঁৰ আছিল সেই কথা কমেন্টত উল্লেখ কৰিছিল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
dfg

ডিজিটেল ডেস্কঃ জিলেলে জিলেলে কাৰ গীত আছিল? কোনে প্ৰখম গাইছিল এই গীতটি? ৰাজীৱ শদিয়াৰ এই গীতটো নকল কৰিছিল নেকি সীমান্ত শেখৰে? সামাজিক মাধ্যমত চৰ্চিত হৈছে এই বিষয়টো। অসমীয়া প্ৰতিদিন ডিজিটেলক এই সন্দৰ্ভত কি ক'লে গায়ক সীমান্ত শেখৰে-

Advertisment

জিলেলে জিলেলে আছিল ৰাজীৱ শদিয়াৰ গীত। জীৱিত কালতে এই বিষয়টোক লৈ সামাজিক মাধ্যমত মন্তব্য কৰিছিল ৰাজীৱ শদিয়াই। সীমান্ত শেখৰৰ এটা ফেচবুক পোষ্টত ৰাজীৱ শদিয়াই এই গীতটো যে তেওঁৰ আছিল সেই কথা কমেন্টত উল্লেখ কৰিছিল।

শেহতীয়াকৈ এই সন্দৰ্ভত ৰাজীৱ শদিয়াই কমেন্ট কৰা এটা বিশেষ স্কীণচৰ্টে বিষয়টো পুনৰ চৰ্চালৈ আনিছে। এই বিষয়ত প্ৰতিক্ৰিয়া জানিবলৈ অসমীয়া প্ৰতিদিন ডিজিটেলে যোগাযোগ কৰিছিল বিতৰ্কৰ মাজত সোমাই পৰা গায়ক সীমান্ত শেখৰৰ সৈতে।

বিষয়টো সন্দৰ্ভত সীমান্ত শেখৰে অসমীয়া প্ৰতিদিন ডিজিটেলক ক'লে এইদৰে- "পোন প্ৰথমে মই ক'ব বিচাৰো যে ৰাজীৱ মৃত্যু আমাৰ বাবে ডাঙৰ ক্ষতি। তেওঁৰ মোৰ লগত খুব ভাল সম্পৰ্ক আছিল। কিন্তু ইয়াৰ মাজতে কিছুমান কনফিউজন হৈছে, যিটোৰ লৈ মই স্পষ্ট কৰাতো ভাল বুলি ভাবো।

আচলতে যেতিয়া গান এটা বনোৱা হয় সেই গানটো এজন কম্পোজাৰে বনায় আৰু প্ৰডিউচাৰ থাকে লগত। ৰাজীৱৰ যিটো গান আছিলে সেই গানটোৰ প্ৰডিউচাৰ আছিলে তিনিচুকীয়াৰ। সেই গানটোৰ প্ৰথম শাৰী কেইটা ঠিকে আছে- জিলেলে জিলেলে যাবগৈ লাগিব মই নগা পাহাৰলে। এই গানটোৰ আজি ১২ বছৰমান হৈ গ'ল। সেই গানটো ৰাজীৱে গাইছিলে। সেইটো এটা ফ'ক ট্যুনৰ পৰা লোৱা হয়। একেজন প্ৰডিউচাৰে পাছত আমাক (মোক আৰু মোৰ কম্পোজাৰ) গানটো দিলে। দিয়া পাছত তেখেত সকলে মোৰ কাষলৈ আহিলে গানটো গাবলৈ। যেতিয়া মই গানটো গালো, অসমৰ ৰাইজে গানটো শুনিলে বা আদৰি ল'লে। তাৰ পাছত ৰাজীৱৰ লগত আমাৰ (কম্পোজাৰ আৰু প্ৰডিউচাৰ) কথা হৈছিলে সেইটো সময়ত। গতিকে সেই গানটো মই কৰা বা চুৰি কৰাৰ কোনো কথা নাথাকে। যিয়ে নহওঁক তেতিয়া ৰাজীৱৰ লগত কথা হ'ল। ময়ে কৈছিলো যে ৰাজীৱৰ লগত কথা পাতি আপোনালোকে বিষয়টো মীমাংসা কৰি লওঁক। কিন্তু সেইটো আৰু এইটো দুয়োতা বেলেগ গান আচলতে। ফ'ক টিউনৰ প্ৰথম লাইন কেইটা একে আছিল। 

দ্বিতীয়তে মই কেতিয়াও এইটো মোৰ গান বুলি নিলিখো। আমাৰ গান বুলিয়ে লিখো। আপোনালোকে যিটো পোষ্ট দেখিছে তাতো মই আমাৰ গান বুলিয়ে লিখিছো। মই কোৱা নাই যে সেইটো মোৰ গান। সেই বস্তুটো ৰাজীৱেও লিখে।"

সীমান্ত শেখৰ