আমচৈৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন...

 ১৯৯৯ চনত প্ৰতিষ্ঠা হোৱা ৰহাৰ আমচৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনে সফলতাৰে সম্পূৰ্ণ কৰিলে ২৫ টা বৰ্ষ। আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে ৰূপালী জয়ন্তী বৰ্ষ । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ৰহাঃ  ১৯৯৯ চনত প্ৰতিষ্ঠা হোৱা ৰহাৰ আমচৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনে সফলতাৰে সম্পূৰ্ণ কৰিলে ২৫ টা বৰ্ষ। আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে ৰূপালী জয়ন্তী বৰ্ষ । 

বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ আৰু ৰূপালী জয়ন্তী পতাকা উত্তোলনৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানত উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা। ৰূপালী জয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি শিশু বাটিকা আৰু বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় । নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰণৰ বিজ্ঞান প্ৰকল্প নিৰ্মাণ কৰি এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে। 

সমান্তৰালভাৱে বৰ্তমানৰ আৰু প্ৰাক্তন আচাৰ্য-আচাৰ্যাৰ চিনাকি ও আদৰণি অনুষ্ঠানৰ লগতে ন পুৰণি ছাত্ৰ-ছাত্ৰীৰ সন্মিলনৰে সামৰণি পৰে প্ৰথম দিনৰ কাৰ্যসূচী। অনুষ্ঠানত উপস্থিত থাকে তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য মোহন সেনাপতি, হাটবৰ পঞ্চায়তৰ সচিব টংকেশ্বৰ কলিতা, সুৰেন্দ্ৰ নাথ কোঁৱৰ, বকুল চন্দ্ৰ কাকতি, নলিনী কুমাৰ ডেকাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। 

ৰূপালী জয়ন্তী