ৰূপালী জয়ন্তীত ভৰি দিলে নেমকেয়াৰ হাস্পতালে : প্ৰতিষ্ঠা দিৱসত উপস্থিত প্ৰতিদিন টাইমৰ সঞ্চালিকা স্মিতাক্ষী বি গোস্বামী...

বুধবাৰে হাস্পতালখনৰ ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
নেমকেয়াৰ হাস্পতালৰ ৰূপালী জয়ন্তী

ডিজিটেল ডেস্ক : মহানগৰীৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ চিকিৎসালয় নেমকেয়াৰ হাস্পতালে ভৰি দিলে ৰূপালী জয়ন্তী বর্ষত। বুধবাৰে হাস্পতালখনৰ ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে । 

Advertisment

নেমকেয়াৰ হাস্পতালৰ ৰূপালী জয়ন্তী

উল্লেখযোগ্য যে বছৰজোৰা কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান বিভিন্ন অনুষ্ঠানেৰে পালন কৰিব বুলি হাস্পতালখনৰ অধ্যক্ষ ডা০ হিতেশ বৰুৱাই সদৰী কৰে। গান আৰু কবিতাৰে আদৰণি ভাষণ প্ৰদান কৰা অধ্যক্ষগৰাকীয়ে স্বৰচিত গীতেৰে হাস্পতালখনৰ ভৱিষ্যত কৰ্মপন্থা সদৰী কৰে। 

সদৌ অসম মহিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ইফালে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে ভাষণ প্ৰসংগত হাস্পতালখনে আগবঢ়াই অহা সেৱাৰ বাবে ধন্যবাদ জনোৱাৰ উপৰি সম্প্ৰতি ৰাজ্যত বাঢ়ি অহা কেন্সাৰ , যক্ষ্মাকে ধৰি প্ৰায়বোৰ ৰোগৰ সচেতনতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। লগতে পদপথৰ ব্যৱসায়ী তথা ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহত স্বাস্থ্য শিবিৰ আৰু সজাগতা বৃদ্ধিৰ বাবে পাৰ্যমানে সেৱা আগবঢ়াবলৈ আহ্বান জনায়। 

অনুষ্ঠানত শিল্পী তথা চিকিৎসক ডা০ অঞ্জনজ্যোতি চৌধুৰীয়ে গীত গোৱাৰ উপৰি হাস্পতালখনৰ চিকিৎসকৰ পৰা আৰম্ভ কৰি সকলো কৰ্মচাৰীয়ে নিজৰ নিজৰ সাংস্কৃতিক প্ৰতিভা পৰিবেশন কৰে।

guwahati