কপাহেৰাৰ বৰজান সাৰ্বজনীন গৰখীয়া থানৰ ৰূপালী জয়ন্তী আৰম্ভ

কপাহেৰাত অৱস্থিত বৰজান সাৰ্বজনীন গৰখীয়া থানৰ ৰূপালী জয়ন্তী উৎসৱটি আজিৰেপৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদুলি-মুদুলি পৰিবেশত আৰম্ভ হৈছে। তদুপলক্ষে অঞ্চলটোৰ ২৪ খন গাঁৱৰ ৰাইজৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
কপাহেৰাৰ বৰজান সাৰ্বজনীন গৰখীয়া থানৰ ৰূপালী জয়ন্তী আৰম্ভ

কপাহেৰাৰ বৰজান সাৰ্বজনীন গৰখীয়া থানৰ ৰূপালী জয়ন্তী আৰম্ভ

ডিজিটেল সংবাদ, বেবেজীয়া : সোণাই নদীৰ দক্ষিণ পাৰৰ তথা নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী কপাহেৰাত অৱস্থিত বৰজান সাৰ্বজনীন গৰখীয়া থানৰ ৰূপালী জয়ন্তী উৎসৱটি আজিৰেপৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদুলি-মুদুলি পৰিবেশত আৰম্ভ হৈছে। তদুপলক্ষে অঞ্চলটোৰ ২৪ খন গাঁৱৰ ৰাইজৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে।

Advertisment

গৰখীয়া গোঁসাইৰ ওচৰত আশিস নিৰ্মালি বিছাৰি থানখনলৈ অগণন ভক্ত-বৈষ্ণৱৰ সোঁত বোৱা পৰিলক্ষিত হৈছে। ৰূপালী জয়ন্তী উদযাপনৰ প্ৰথম দিনা অৰ্থাৎ দেওবাৰে পুৱা ৯ বজাত পৰিৱেশ নিকাকৰণৰ পাছত ১১ বজাত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সমাজকৰ্মী প্রবীন বৰদলৈয়ে। 

সন্ধিয়া ৬ বজাত বন্তি প্রজ্বলন কাৰ্যসূচীত প্ৰজ্বলক হিচাপে থাকে নামঘৰীয়া ৰবীন ডেকাই। ইয়াৰ পাছতে নিশা ৮ বজাত ভাগৱত পাঠ আৰম্ভ হয়। অন্যহাতে কাইলৈ পুৱা ৭ বজাত বন্তি প্রজ্বলন কাৰ্যসূচীত প্রজ্বলকৰূপে উপস্থিত থাকিব নামঘৰীয়া অকনমানি ডেকা ।

পুৱা ৮ বজাত মূল তোৰণ উন্মোচন কাৰ্যসূচীত উন্মোচকৰূপে উপস্থিত থাকিব তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্য মদন দেউৰী। ৯ বজাত নৱনির্মিত কীৰ্ত্তন ঘৰৰ উন্মোচন কাৰ্যসূচীত উন্মোচকৰূপে উপস্থিত থাকিব ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী।

একেদৰে ৯.৩০ বজাত মৰাপাক আঞ্চলিক গাণিকা দলৰ দ্বাৰা খোল প্রসঙ্গ পৰিৱেশন হ'ব । ১০.৩০ বজাত নাম-প্ৰসংগ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব নামাচার্য্য নিতুল ডেকা আৰু সঙ্গীবৃন্দই।

ইফালে ১২-০০  বজাত ভোজনালয়ৰ দ্বাৰ উন্মোচন কৰিব অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ইৰান ফুকনে। পৰৱৰ্তী ভাগৱত পাঠ কাৰ্যসূচীত পাঠাচার্য্যৰূপে ৰামা ডেকা, ব্যাখ্যাকাৰৰূপে কৃষ্ণ ভাগৱতী উপস্থিত থাকিব । আবেলি ৪ বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব বিশিষ্ট অভিনেতা অকাশদ্বীপ ডেকাই । 

ৰূপালী জয়ন্তী
ৰূপালী জয়ন্তী

 

পৰৱৰ্তী ১১ ফেব্ৰুৱাৰীৰ দিনটোৰ পুৱা ৭ বজাত বন্তি প্ৰজ্বলন কৰিব সমাজকৰ্মী ৰবীন ডেকাই । পৰৱৰ্তী কাৰ্যসূচীত গৰখীয়া থান শীৰ্ষক গীতটি মুকলি কৰা হ'ব । ৮ বজাত ধৰ্মধ্বজা তথা আন ২৪ খন পতাকা উত্তোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । 

পৰৱৰ্তী কাৰ্যসূচীত পুৱা ৮.৩০ বজাত স্মৃতি তর্পণ কাৰ্যসূচীত তর্পকৰূপে উপস্থিত থাকিব উদযাপন সমিতিৰ সম্পাদক  ফুকন ডেকা সন্ধিয়া ৫ বজাত ভেলাইবড়ি নাট পৰিচালনা সমিতিৰ দ্বাৰা অঙ্কীয়া নাট "অজয় অভিশপ্ত" পৰিবেশন কৰিব । নাট উদ্বোধন কৰিব তেজপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত গর্গমোহন দাসে । 

আনহাতে ১২ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাত বন্তি প্রজ্বলনেৰে শুভাৰম্ভণি কৰিব নামঘৰীয়া ৰবীন ডেকাই । ৮.০০ বজাত নাম প্রসঙ্গৰ পিছতে সাংস্কৃতিক অনুষ্ঠান, আদৰণি অনুষ্ঠান আৰু দিনৰ ২ বজাত  মুকলি সভা আৰু স্মৃতি গ্রন্থ উন্মোচন কাৰ্যসূচীৰ সম্পন্ন হ'ব । মুকলি সভাত মূখ্য অতিথিৰূপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। 

সভাত আমন্ত্রিত অতিথিৰূপে উপস্থিত থাকিব অসম চৰকাৰৰ মন্ত্ৰী ক্ৰমে কেশৱ মহন্ত, পীযূষ হাজৰিকা বিধায়ক ৰূপক শর্মা, তিঃ স্বাঃ পৰিষদ মৰিগাঁৱৰ মুখ্যকার্য্যবাহী সদস্য জীবন চন্দ্র কোঁৱৰ, মৰিগাঁও জিলাৰ আযুক্ত দেৱাশীষ শর্মা,মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত দাস,প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা। উল্লেখ্য যে,এক প্ৰলয়ংকাৰী বানত উটি অহা এভাগী মহাভাগৱত শাস্ত্ৰ আহি উক্ত স্থানতেই ৰৈছিলহি। তেতিয়াই বৃহত্তৰ অঞ্চলটোৰ ২৪ খন গাঁৱৰ ৰাইজে একত্ৰিত হৈ উক্ত স্থানতেই প্ৰতিষ্ঠা কৰে বৰজান সাৰ্বজনীন গৰখীয়া থানৰ। তেতিয়াৰে প্ৰতিবছৰে মাঘ-ফাগুণ মাহত বছৰেকীয়া প্ৰতিষ্ঠা উৎসৱ অনুষ্ঠিত হৈ আহিছে।

bebejiya