Advertisment

সফলতাৰে সামৰণি পৰিল সৰস্বতী বাগধ্বনিৰ ৰূপালী জয়ন্তী সমাৰোহ : গীতে- মাতে জীপাল শিক্ষাকেন্দ্ৰৰ বাকৰি

ভাষাটোৱেই আচল চিনাকি, মাত- কথাই আচল চিনাকি। কাপোৰ- কানিৰে মানুহ কেতিয়াও চিনাকি হ’ব নোৱাৰে। মাত- কথাৰ চিনাকিতহে স্ব-জাতীয়, দেশীয় তথা সাংস্কৃতি এই গোটেই কথা-বতৰা বিলাকৰ খবৰ- খাতি পোৱা যায়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
সৰস্বতী বাগধ্বনিৰ ৰূপালী জয়ন্তী সমাৰোহ

সৰস্বতী বাগধ্বনিৰ ৰূপালী জয়ন্তী সমাৰোহ

ডিজিটেল ডেস্ক : ভাষাটোৱেই আচল চিনাকি, মাত- কথাই আচল চিনাকি। কাপোৰ- কানিৰে মানুহ কেতিয়াও চিনাকি হ’ব নোৱাৰে। মাত- কথাৰ চিনাকিতহে স্ব-জাতীয়, দেশীয় তথা সাংস্কৃতি এই গোটেই কথা-বতৰা বিলাকৰ খবৰ- খাতি পোৱা যায়। - এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ কনক চহৰীয়াৰ। মঙলবাৰে সৰস্বতী বাগধ্বনিৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰি এইদৰে মন্তব্য কৰে অধ্যাপকগৰাকীয়ে।

Advertisment
সৰস্বতী বাগধ্বনিৰ ৰূপালী জয়ন্তী সমাৰোহৰ মুকলি সভা
সৰস্বতী বাগধ্বনিৰ ৰূপালী জয়ন্তী সমাৰোহৰ মুকলি সভা

 

লগতে তেওঁ ওজাপালি সুৰৰ এটি গীত পৰিৱেশন কৰি আধ্যত্মিকতাৰ বিষয়ে কেতবোৰ মন্তব্য কৰে। আনহাতে সৰস্বতী বাগধ্বনিৰ প্ৰতিষ্ঠাপক তথা সম্পাদক মুনীন্দ্ৰ নাথ কলিতা আৰু তেওঁৰ সহধৰ্মীনিৰ যুটীয়া প্ৰচেষ্টাৰ শলাগ লৈ অধ্যাপকগৰাকীয়ে কয়- মোৰ একালৰ সতীৰ্থৰ এনে প্ৰচেষ্টাই মোক আনন্দিত কৰিছে। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্য অনুভৱ কৰে ড০ চহৰীয়াই।

সভাৰ মুখ্য অতিথি ড০ কনক চহৰীয়া
সভাৰ মুখ্য অতিথি ড০ কনক চহৰীয়া

 

সৰস্বতী বাগধ্বনি শিক্ষাকেন্দ্ৰৰ স্থায়ী সভাপতি ড০ উমেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনত বিশেষ আমন্ত্ৰিত অতিথিৰ আসন অলংকৃত কৰে- জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ মুখ্য সহযোগী সম্পাদক অচ্যুৎ কুমাৰ পাটোৱাৰী, সহযোগী সম্পাদক প্ৰকাশ মহন্ত, ইণ্ডিয়ান কাৰ্বন লিমিটেডৰ শ্যামল কুমাৰ ভট্টাচাৰ্য, অধ্যাপিকা ড০ অমিয়া পাটৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত পঞ্জীয়ক ড০ ৰমণি বৰ্মন, কৰুণাধাৰাৰ নৱজ্যোতি ভূঞা আৰু জনপ্ৰিয় অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা ৰবি শৰ্মাকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে সভাত উপস্থিত থাকে।

সৰস্বতী বাগধ্বনিৰ ৰূপালী জয়ন্তী সমাৰোহ
সৰস্বতী বাগধ্বনিৰ ৰূপালী জয়ন্তী সমাৰোহ

 

আজিৰ এই সভাত বিশেষ আমন্ত্ৰিত অতিথিৰ আসন অলংকৃত কৰা জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই সাৱলীল ভাষণেৰে উপস্থিত ৰাইজ তথা অভিভাৱক- অভিভাৱিকাক চিন্তাৰ খোৰাক যোগায়। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে জীৱনৰ প্ৰাপ্তি আৰু সুখ সম্পৰ্কে কেতবোৰ মন্তব্য আগবঢ়ায়। সাময়িক সুখে যে কেতিয়া প্ৰশান্তি দিব নোৱাৰে সেই সন্দৰ্ভতো বিশ্লেষণাত্মক ব্যাখ্যা আগবঢ়াই প্ৰকাশ মহন্তই।

বিশেষ আমন্ত্ৰিত অতিথি প্ৰকাশ মহন্ত
বিশেষ আমন্ত্ৰিত অতিথি প্ৰকাশ মহন্ত

 

তেওঁ কয়- দুটা বস্তুৱে মানুহক পৰিতৃপ্ত কৰে। এটা হৈছে- সমৰ্পিত ভাবনাৰে সুনিৰ্দিষ্ট এক কৰ্মত অসমৰ্থ বুলি ভবা এচাম লোকক আশ্ৰয়, শিক্ষা আৰু প্ৰতিষ্ঠা প্ৰদান কৰাৰ জৰিয়তে লাভ কৰা মানসিক পৰিতৃপ্তি। আৰু আনটো হৈছে- তেনেকুৱা প্ৰচেষ্টাৰ মাজেৰে সহযোগী হোৱাৰ মাজেৰে লাভ কৰা পৰিতৃপ্তি। প্ৰাপ্তিয়ে মানুহক কেতিয়াও চিৰ জীৱনলৈ সুখী কৰিব নোৱাৰে।

সমবেত সংগীত
সমবেত সংগীত

 

ইয়াৰ উপৰি তেওঁ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ বিষয়েও কিছু মন্তব্য প্ৰকাশ কৰে। ওজা হেমচন্দ্ৰ বৰুৱাই আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰীধাৰী নাছিল। কিন্তু উচ্চ মাধ্যমিক শিক্ষা গ্ৰহণ কৰাৰ সময়তে তেওঁ এই কথা উপলদ্ধি কৰিছিল যে, বিদ্যালয়ৰ অসমীয়া পাঠ্যপুথিসমূহত বহু ভুল আছে আৰু ভাষাটোক দুৰ্বল কৰাৰ বাবে বিশেষ চক্ৰৰ অসৎ উদ্দেশ্যত এয়া কৰা হৈছে বুলি মন্তব্য কৰে। 

অভিনেতা ৰবি শৰ্মা
অভিনেতা ৰবি শৰ্মা

 

লগতে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান তথা ব্যক্তিয়ে সমাজলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে হেমকোষ পৰিয়ালে আগবঢ়োৱা বঁটাৰ কথাও ভাষণ প্ৰসংগত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে উল্লেখ কৰে। ষ্টিফেন হকিঙে এডাল সক্ৰিয় স্নায়ুৰে সমাজত কেনেকৈ আমূল পৰিৱৰ্তন আনিব পাৰিছিল সেই বিষয়েও ভাষণত উল্লেখ কৰে প্ৰকাশ মহন্তই। 

বিশেষ আমন্ত্ৰিত অতিথিৰ ভাষণত অচ্যুত কুমাৰ পাটোৱাৰী
বিশেষ আমন্ত্ৰিত অতিথিৰ ভাষণত অচ্যুত কুমাৰ পাটোৱাৰী

 

ইফালে আজিৰ অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থকা অসমীয়া প্ৰতিদিনৰ মুখ্য সহযোগী সম্পাদক অচ্যুৎ কুমাৰ পাটোৱাৰীয়ে সৰস্বতী বাগধ্বনিৰ ২৫ বছৰীয়া পৰিক্ৰমাৰ শলাল লয়। অনুষ্ঠানটিত উপস্থিত থাকিবলৈ পাই তেওঁ অভিভূত হোৱা বুলি অনুভৱ কৰে। 

ভোৰতাল নৃত্য
ভোৰতাল নৃত্য

 

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত- ‘মানুহে মানুহৰ বাবে…’ শীৰ্ষক গীতটিৰ কলি আওৰাই গীতটিৰ ভাবাৰ্থৰ প্ৰকাশেৰে কেতবোৰ মন্তব্য প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে। লগতে তেওঁ মুনীন্দ্ৰ নাথ কলিতা আৰু ডুলুমণি কলিতাই অতি সৰলতাৰে সৰস্বতী বাগধ্বনিক আগুৱাই নি ছাত্ৰ- ছাত্ৰীসকলক নতুন জীৱন দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। 

সৰস্বতী বাগধ্বনিৰ ৰূপালী জয়ন্তী সমাৰোহ
সৰস্বতী বাগধ্বনিৰ ৰূপালী জয়ন্তী সমাৰোহ

 

ইফালে আজিৰ এই অনুষ্ঠানত উপস্থিত থকা শ্যামল কুমাৰ ভট্টাচাৰ্য, ড০ অমিয়া পাটৰ, ড০ ৰমণি বৰ্মন আৰু অভিনেতা ৰবি শৰ্মাই প্ৰদান কৰা সাৰুৱা ভাষণে উপস্থিত অভ্যাগতসকলৰ উপৰি ছাত্ৰী- ছাত্ৰী তথা শিক্ষক- শিক্ষয়িত্ৰীক আপ্লুত কৰে।

অভিভাৱিকাৰ নৃত্য
অভিভাৱিকাৰ নৃত্য

 

উল্লেখযোগ্য যে আজিৰ এই মুকলি সভাৰ মাজতে শিক্ষাকেন্দ্ৰটিৰ ছাত্ৰ- ছাত্ৰীসকলে পৰিৱেশন কৰা গীত আৰু নৃত্যই সভাক দিয়ে অন্য মাত্ৰা। বধিৰ ছাত্ৰ- ছাত্ৰীসকলৰ ফুটা- নুফুটা মাতৰে পৰিৱেশন কৰা জাতীয় সংগীতে উপস্থিত আটাইকে আৱেগিক কৰি তোলা পৰিলক্ষিত হয়। 

সৰস্বতী বাগধ্বনিৰ ৰূপালী জয়ন্তী সমাৰোহ
সৰস্বতী বাগধ্বনিৰ ৰূপালী জয়ন্তী সমাৰোহ

 

ইফালে অভিভাৱিকা কুন্তি বৰ্মনৰ লগতে কণমানি ছাত্ৰীদ্বয় শিবন্যা কৌশিক আৰু সুকন্যা কৌশিকৰ নৃত্যই সকলোকে আমোদ দিয়ে। তাৰোপৰি কণমানি ছাত্ৰী এগৰাকীয়ে আবৃতি কৰা কবিতা শুনি উপস্থিত অভ্যাগতসকলে তেওঁক শুভেচ্ছা প্ৰদান কৰে।

সৰস্বতী বাগধ্বনিৰ ৰূপালী জয়ন্তী সমাৰোহ
সৰস্বতী বাগধ্বনিৰ ৰূপালী জয়ন্তী সমাৰোহ

 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২ আৰু ৪ ফেব্ৰুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল গুৱাহাটী মহানগৰীৰ বীৰকুছিস্থিত সৰস্বতী বাগধ্বনিৰ ৰূপালী জয়ন্তী সমাৰোহ। এই দুয়োটা দিনৰ বিভিন্ন কাৰ্যসূচীত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি তেওঁলোকৰ এই মহান যাত্ৰাক উদগনি যোগাই কৃতাৰ্থ কৰে।

জাতীয় সংগীত পৰিৱেশনৰ মুহূৰ্তত একাংশ শিক্ষাৰ্থী
জাতীয় সংগীত পৰিৱেশনৰ মুহূৰ্তত একাংশ শিক্ষাৰ্থী

 

সৰস্বতী বাগধ্বনি