/asomiyapratidin/media/media_files/2025/01/17/bMx7FAiCgMJkh9cPAnG2.jpg)
ডিজিটেল সংবাদ,ঘিলাধাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে বৰহোলাতো বৰহোলা আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ স্হায়ী কাৰ্যালয়ত শিল্পী দিৱস উদযাপন কৰা হয়৷ শিল্পী দিৱস উপলক্ষে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়৷
পতাকা উত্তোলন কৰে বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ জ্যোতি নেওগ, শ্বহীদ তৰ্পণ কৰে বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি গগৈয়ে। ইয়াৰ পিছতে সভাপতি ভাস্কৰ জ্যোতি নেওগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে বক্তব্য আগবঢ়াই শিল্পীজনক শ্ৰদ্ধাৰে সোঁৱৰে।
কাৰ্যসূচীত বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি অংকুৰ সোণোৱাল,বৰহোলা মহাবিদ্যালয় আছু গোটৰ বিষয়ববীয়া, প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ বিষয়ববীয়া, বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি, সম্পাদককে ধৰি ভালেসংখ্যক ছাত্ৰ কৰ্মী উপস্থিত থাকে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us