Advertisment

কঠীয়াতলীৰ জুমৰমুৰ মিলন বিদ্যাপীঠ হাইস্কুলত শিল্পী দিৱস উদযাপন…

সমবেত সংগীতৰে আৰম্ভ হোৱা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে বক্তৃতা, কবিতা আবৃত্তি, নৃত্য-গীত পৰিৱেশন কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয় প্ৰাংগনত ভোগালী বিহু উপলক্ষে এক ভোগালী মেলা ও প্ৰদৰ্শনীও অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,কামপুৰঃ  আজি শিল্পী দিৱস। সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ কঠীয়াতলীৰ জুমৰমুৰ মিলন বিদ্যাপীঠ হাইস্কুল প্ৰাংগনতো উদযাপন কৰিছে শিল্পী দিৱস । শিল্পী দিৱস উপলক্ষে পুৱাৰ ভাগত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুস্পাঞ্জলী প্ৰদান কৰা হয়।

Advertisment

সমবেত সংগীতৰে আৰম্ভ হোৱা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে বক্তৃতা, কবিতা আবৃত্তি, নৃত্য-গীত পৰিৱেশন কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয় প্ৰাংগনত ভোগালী বিহু উপলক্ষে এক ভোগালী মেলা ও প্ৰদৰ্শনীও অনুষ্ঠিত হয়।

অনুষ্ঠানত পতাকা উত্তোলন, বন্তি প্ৰজ্বলন কৰাৰ পাছত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰনৰ শাক-পাচলি,পিঠা-লাড়ু প্ৰদৰ্শন কৰে । অনুষ্ঠানৰ শেষ কাৰ্যসূচী হিচাপে ভোগালী বিহুৰ পৰম্পৰাগতভাবে চলি অহা মেজি ঘৰত অগ্নি সংযোগ কৰি নেদেখা জনৰ ওচৰত সেৱা লোৱা হয়। উল্লেখ্য যে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশৰ লগতে সাংস্কৃতিক দিশত আগুৱাই যাবলৈ এনে ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় বুলি প্ৰকাশ কৰে বিদ্যালয়ৰ কতৃপক্ষই।।

দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা হোৱাত বিদ্যালয় খনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলক ধন্যবাদ জ্ঞাপন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত বৰাই।

শিল্পী দিৱস