শিলচৰত জব্দ বৃহৎ‌ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী

শিলচৰত বৃহৎ‌ পৰিমাণৰ বিদেশী সুৰা জব্দ কৰিছে আৰক্ষীয়ে। শিলচৰ সদৰ আৰক্ষীয়ে আইজল অভিমুখী এখন ট্ৰাকত তালাচী চলাই জব্দ কৰে সুৰা খিনি।‌  

author-image
Asomiya Pratidin
New Update
scsxsdfds

ডিজিটেল সংবাদ, শিলচৰ: শিলচৰত বৃহৎ‌ পৰিমাণৰ বিদেশী সুৰা জব্দ কৰিছে আৰক্ষীয়ে। শিলচৰ সদৰ আৰক্ষীয়ে আইজল অভিমুখী এখন ট্ৰাকত তালাচী চলাই জব্দ কৰে সুৰা খিনি।‌  

AS26AC-033 নম্বৰৰ  ট্ৰাকখনত তালাচী চলাই আৰক্ষীয়ে মুঠ ১০৮০ বটল সুৰা জব্দ কৰে। সুৰা খিনি মেঘালয়ৰ পৰা কাছাৰৰ মাজেৰে আইজল লৈ অবৈধ ভাবে সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল সুৰা ব্যৱসায়ীয়ে।‌ আৰক্ষীয়ে সুৰাসহ সুৰা কঢ়িওৱা ট্ৰাকখন জব্দ কৰাৰ লগতে চালকজনক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে, সোমবাৰেও শিলচৰৰ দুটা পৃথক স্থানত অভিযান চলাই আৰক্ষীয়ে হেৰ'ইন আৰু নিচাজাতীয় য়াবা টেবলেট জব্দ কৰিছিল। জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ মূল্য প্ৰায় ৭ কোটি টকা। এই হেৰ'ইন আৰু য়াবা টেবলেট সৰবৰাহৰ সৈতে জড়িত থকা ৫ জন সৰবৰাহকাৰী আৰু দুখন বাহন জব্দ কৰিছে আৰক্ষীয়ে।

শিলচৰ