শিলচৰত দুখন বাহনৰ‌ পৰা তিনি কোটি মূল্যৰ গাঞ্জা জব্দঃ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী

শিলচৰত বুজণ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে আৰক্ষীয়ে। শিলচৰ ৰামনগৰ আই এছ বি টি সংলগ্ন বাইপাছত অভিযান চলাই আৰক্ষীয়ে দুখন বাহনৰ পৰা বুজণ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে। 

author-image
Asomiya Pratidin
New Update
শিলচৰত দুখন বাহনৰ‌ পৰা তিনি কোটি মূল্যৰ গাঞ্জা জব্দঃ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী

ডিজিটেল সংবাদ শিলচৰ: ড্ৰাগছ পিছত এইবাৰ শিলচৰত বুজণ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে গোপন তথ্যৰ ভিত্তিত শিলচৰ ৰামনগৰ আই এছ বি টি সংলগ্ন বাইপাছত অভিযান চলাই আৰক্ষীয়ে দুখন বাহনৰ পৰা বুজণ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে। 

Advertisment

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ পৰা অহা AS 01 EF 2494 নম্বৰৰ মহিন্দ্ৰা বলেৰ’ আৰু  TR 01 BQ 0462 নম্বৰৰ ভাৰ্না বাহন দুখনত তালাচী চলাই আৰক্ষীয়ে ৮৬ টা গাঞ্জাৰ পেকেট জব্দ কৰে। জব্দ কৰা গাঞ্জাখিনিৰ‌ ওজন ৫৭৬.৫৮ কিলোগ্ৰাম।

ক'লা বজাৰত এই গাঞ্জাখিনিৰ‌ মূল্য প্ৰায় তিনি কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। গাঞ্জাখিনি ত্ৰিপুৰাৰ‌ ধৰ্মনগৰৰ পৰা সৰবৰাহ কৰি বহি: ৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল।‌

গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ত্ৰিপুৰাৰ‌ তিনি জন‌ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক কেইজন পশ্চিম ত্ৰিপুৰাৰ ক্ৰমে ৰামশংকৰপাৰাৰ জ্যোতিষ দেৱ বাৰ্মা,  ৰাহি সদৰপাৰাৰ প্ৰছন দেৱবাৰ্মা আৰু ৰামদাস ঠাকুৰ পাৰাৰ চিৰঞ্জীত দেৱবাৰ্মা।

ত্ৰিপুৰা গাঞ্জা সৰবৰাহকাৰী