Advertisment

কাছাৰ কাগজ কলৰ পুনৰুজ্জীৱিতৰ আহ্বান উমৈহতীয়া কাগজ কল শ্ৰমিক ইউনিয়নৰ

নগাঁও কাগজ কল বন্ধ কৰি ছেমি কণ্ডাক্টৰ উদ্যোগ খুলিবলৈ চৰকাৰে উদ্যোগ লোৱাৰ পিচত এইবাৰ পাঁচগ্ৰামস্থিত কাছাৰ কাগজ কল পুনৰুজ্জ্বীৱিত কৰিবলৈ দাবী জনাইছে নগাঁও আৰু কাছাৰ কাগজ কলৰ শ্ৰমিক কৰ্মচাৰীৰ উমৈহতীয়া ইউনিয়ন জাকৰুয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শিলচৰ: নগাঁও কাগজ কল বন্ধ কৰি ছেমি কণ্ডাক্টৰ উদ্যোগ খুলিবলৈ চৰকাৰে উদ্যোগ লোৱাৰ পিচত এইবাৰ পাঁচগ্ৰামস্থিত কাছাৰ কাগজ কল পুনৰুজ্জ্বীৱিত কৰিবলৈ দাবী জনাইছে নগাঁও আৰু কাছাৰ কাগজ কলৰ শ্ৰমিক কৰ্মচাৰীৰ উমৈহতীয়া ইউনিয়ন জাকৰুয়ে। ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্থাপন হব এই ছেমি কণ্ডাক্টৰ প্ৰকল্প।

Advertisment

বৰাকৰ একমাত্ৰ তথা এচিয়া মহাদেশৰ সৰ্ববৃহৎ কাছাৰ কাগজ কলৰ প্ৰতি কিয় মাহী আইৰ দৃষ্টিৰে চোৱা হৈছে বুলি চৰকাৰক প্ৰশ্ন জাকৰু নেতৃত্বৰ। শিলচৰত আয়োজিত এক সংবাদ মেলত প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰী,প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি জাকৰু সভাপতি মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে কাছাৰ আৰু নগাঁও কাগজ কল দুটা পুনৰুজ্জ‌্বীৱিত কৰিম বুলি বাৰম্বাৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ‌ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু আজিলৈ কোনেও এই প্ৰতিশ্ৰুতি পালন নকৰিলে। ইয়াৰ বিপৰীতে নগাঁও কাগজ কলত চৰকাৰে ছেমি কণ্ডাক্টৰ স্হাপন কৰিবলৈ লৈছে যদিও আজিলৈ কাছাৰ কাগজ কল পুনৰুজ্জীৱীত কৰা নাই বা তাত এটা বৃহৎ উদ্যোগ খুলিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে উমৈহতীয়া শ্ৰমিকৰ সন্থাটোৱে ।

নগাঁৱৰ দৰে কাছাৰ কাগজ কলতো এটা বৃহৎ উদ্যোগ স্থাপনৰ বাবে চৰকাৰক দাবী জনাই জাকৰুৰ সভাপতি মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে নতুন উদ্যোগ স্থাপনৰ বাবে কাগজ কল বন্ধ কৰাৰ কোনো প্ৰয়োজন নাই। কাগজ কলত থকা পাঁচ হাজাৰ বিঘা মাটিৰ‌ যিকোনো স্থানতে নতুন উদ্যোগ স্থাপন কৰিব পৰা‌ যায় ।

৯ বছৰ ধৰি বন্ধ হৈ থকা কাছাৰ কাগজ কল পুনৰ উৎপাদনক্ষম কৰি তোলক নাইবা তাত এটা নতুন উদ্যোগ স্হাপন কৰক বুলি চৰকাৰৰ ওচৰত দাবী জাকৰুৰ। আনহাতে,  নগাও কাগজ কল বন্ধ নকৰাকৈয়ে ছেমি কণ্ডাক্টৰ খুলিব পাৰিলে হেতেন বুলি মন্তব্য জাকৰু নেতাজনৰ।

নগাঁও শিলচৰ