শিলচৰ এন আই টিৰ ২৩ তম দীক্ষান্ত সমাৰোহ

শিলচৰ এন আই টিৰ ২৩ তম দীক্ষান্ত সমাৰোহ অনুষ্ঠিত । বিভিন্ন  বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিলচৰ এন আই টিত এইবাৰ মুঠ ১,২১১ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী , গোল্ড মেডেল আৰু চিলভাৰ মেডেল প্ৰদান কৰে।  ইয়াৰ ভিতৰত বি-টেক ৮৪১ গৰাকী, এম-টেক ১৩৫ গৰাকী, এমএছ চি ৬০ গৰাকী, এমবিএ ৪৮ গৰাকী আৰু  ১২৭ গৰাকী ছাত্ৰ ছাত্ৰীক পি এইচ ডিগ্ৰী প্ৰদান কৰা হয়।

author-image
Asomiya Pratidin
New Update
SILLLLLLLLLLLLLLL

ডিজিটেল সংবাদ,শিলচৰঃ শিলচৰ এন আই টিৰ ২৩ তম দীক্ষান্ত সমাৰোহ অনুষ্ঠিত । বিভিন্ন  বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিলচৰ এন আই টিত এইবাৰ মুঠ ১,২১১ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী , গোল্ড মেডেল আৰু চিলভাৰ মেডেল প্ৰদান কৰে।  ইয়াৰ ভিতৰত বি-টেক ৮৪১ গৰাকী, এম-টেক ১৩৫ গৰাকী, এমএছ চি ৬০ গৰাকী, এমবিএ ৪৮ গৰাকী আৰু  ১২৭ গৰাকী ছাত্ৰ ছাত্ৰীক পি এইচ ডিগ্ৰী প্ৰদান কৰা হয়। 

তাৰোপৰি উন্নত ফল‌াফল প্ৰদৰ্শন কৰা ৩ গৰাকীক গোল্ড মেডেল,১১ গৰাকীক  চিলভাৰ মেডেল আৰু দুজন শিক্ষাৰ্থীক বিশেষ গ্ৰেজুৱেট আৰু ডক্টৰেল এৱাৰ্ড প্ৰদান কৰে শিলচৰ এন আই টি কতৃপক্ষই।

আনফালে ছাত্ৰ ছাত্ৰীৰ সকলৰ হাতত গোল্ড মেডেল চিলভাৰ মেডেল আৰু ডিগ্ৰী প্ৰদান কৰে বিশিষ্ট অতিথি "ইলেকট্ৰনিকছ এণ্ড কমিউনিকেশ্বন ছিষ্টেম, ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গানাইজেছনৰ ডাইৰেক্টৰ জেনেৰেল" ড° বিনয় কুমাৰ দাস,  "অল ইণ্ডিয়া কাউন্সিল ফৰ  টেকনিকেল এডুকেছনৰ"  প্ৰাক্তন অধ্যক্ষ তথা "খৰগপুৰ আই আই টি" ৰ প্ৰাক্তন অধ্যক্ষ প্ৰফেছৰ দামোদৰ আচাৰ্য আৰু শিলচৰ এন আই টি সঞ্চালক প্ৰফেছৰ দিলীপ কুমাৰ বৈদ্যই।

উল্লেখ্য যে অনুষ্ঠানৰ‌ শেষত সংবাদমেলত এই তথ্য সদৰী কৰে শিলচৰ এন আই টিৰ‌ সঞ্চালক প্ৰফেছৰ দিলীপ কুমাৰ বৈদ্যই। 

তাৰোপৰি তেওঁ কয় যে কেন্দ্ৰীয় ৰাজ্যিক শিক্ষা মন্ত্ৰী ডঃ সুকান্ত মজুমদাৰক দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছিল যদিও তেওঁ উপস্থিত থাকিব নোৱাৰাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাষণ প্ৰদান কৰে। 

শিলচৰ NIT শিলচৰ