/asomiyapratidin/media/media_files/2025/07/29/dddd-2025-07-29-23-50-41.jpg)
ডিজিটেল সংবাদ, শিলচৰ: অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে এটা পিষ্টল আৰু পাচ জাই সক্ৰিয় গুলি জব্দ কৰিছে। লগতে অবৈধ অস্ত্ৰ মজুত ৰখাৰ অভিযোগত আৰক্ষীয়ে শ্বৰিফ হুছেইন নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।
গোপন তথ্যৰ ভিত্তিত লক্ষীপুৰ আৰক্ষীয়ে লক্ষীপুৰ চহৰৰ ৬ নম্বৰ ৱাৰ্ড মাৰকুলিনত থকা শ্বৰিফ হুছেইনৰ বাসগৃহত তালাচী চলায়। তালাচীৰ সময়ত আৰক্ষীয়ে এটা ফেক্টৰী মেড পিষ্টল, মেগজিন সহ ৫ জাই সক্ৰিয় গুলি আৰু এটা এণ্ড্ৰইড মোবাইল ফোন জব্দ কৰে। আৰক্ষীয়ে সদৰী কৰা মতে, ধৃত শ্বৰিফ হুছেইনে দীৰ্ঘ দিন ধৰি কাঠ আৰু বাঁহ ব্যৱসায়ীক পিষ্টল দেখুৱাই মোটা অংকৰ ধন সংগ্ৰহ কৰি আহিছে।
ইয়াৰোপৰি অনান্য অ সামাজিক কামতো জৰিত শ্বৰিফ হুছেইন। গ্ৰেপ্তাৰৰ পিচত লক্ষীপুৰ থানাত শ্বৰিফ হুছেইনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। অপৰাধী জনৰ লগত আৰু কোন জৰিত আছে তাৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us