শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত শীৰ্ষস্থানেৰে উজ্বলিল বোকাখাতৰ আদিবাসী ছাত্ৰী লুহিতা নায়ক…

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত শীৰ্ষস্থানেৰে উজ্বলিল বোকাখাতৰ আদিবাসী ছাত্ৰী লুহিতা নায়ক…

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাতৰ বৰচাপৰি চাহ বাগিছাৰ এগৰাকী মেধাবী আদিবাসী ছাত্ৰীয়ে সমগ্ৰ বোকাখাত মহকুমাটোলৈ তথা আদিবাসী সমাজখনলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এক সুখবৰ। বৰচাপৰি চাহ বাগিছা শ্ৰমীক মেনা আৰু সুমিত্ৰা নায়কৰ জেষ্ঠ কণ্যা লুহীতা নায়কে চলিত বৰ্ষত ঘোষিত কেন্দ্ৰীয় চৰকাৰ পৰিচালিত শিলচৰ বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ স্নাতকোত্তৰ পৰীক্ষাৰ সৰ্ব্বোচ্ছ নম্বৰ লাভ কৰি দখল কৰিবলৈ সক্ষম হৈছে শীৰ্ষ স্থান, লগতে লাভ কৰিছে স্বৰ্ণ পদকৰ যোগ্যতা।

বৰচাপৰি চাহ বাগিচাৰ প্ৰত্যাহ্বানমূলক শৈক্ষিক পৰিবেশৰ এখন প্ৰাথমিক বিদ্যালয় বৰচাপৰি প্ৰাথমিক বিদ্যালয়ত শৈক্ষিক জীৱন আৰম্ভ কৰিছিল ছাত্ৰী গৰাকীয়ে। চাহ বাগিছাৰ শ্ৰমীক পিতৃ মাতৃয়ে আৰ্থিক দুৰৱস্থাৰ মাজতে শিক্ষাৰ সা-সুবিধা আগবঢ়াইছিল জেষ্ঠ কণ্যা লুহিতা নায়কক।

পৰবৰ্তী সময়ত বোকাখাতৰ এখন আগশাৰীৰ শিক্ষা অনুষ্ঠান ৰজাবাৰী উচ্ছ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত অসমীয়াত লেটাৰ মাৰ্কসহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰী গৰাকীয়ে সুখ্যাতিৰে অসমীয়া বিভাগত সন্মান সহকাৰে স্নাতক ডিগ্ৰী লাভ কৰিছিল বোকাখাতৰেই আন এখন মৰ্যদা সম্পন্ন উচ্চ শিক্ষা প্ৰতিস্থান জে ডি এছ জি মহাবিদ্যালয়ৰ পৰা।

প্ৰচুৰ মনোবল আৰু আত্মবিশ্বাসৰ অধিকাৰী তথা নিজৰ শৈক্ষিক খৰচ যোগাৰ কৰিবলৈ চাহ বাগিচাত পাত তোলা আৰু জবকাৰ্ডৰ কাম কৰিবলৈও কুণ্ঠাবোধ নকৰা লুহীতাই অভাৱী পিতৃ-মাতৃৰ বাধা নেওচি ইয়াৰ পাছত স্নাতকোত্তৰ শিক্ষাৰ বাবে ভৰ্তি হৈছিল কেন্দ্ৰীয় চৰকাৰ পৰিচালিত শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত।

ভৱিষ্যতে আদিবাসী সমাজ তথা আদিবাসী সমাজৰ অৱহেলিত শিক্ষা ব্যৱস্থাৰ বাবে কাম কৰাৰ সপোন পুহি ৰখা লুহীতাই এই প্ৰতিবেদকৰ আগত ক'লে-" আদিবাসী সমাজখনৰ বাবে বিক্ষিপ্ত ভাৱে কাম কৰাতকৈ সমজুৱা ভাৱে কামকাজ কৰিলেহে সমাজখনৰ উন্নতি হ'ব গতিকে আদিবাসী সমাজৰ বাবে এতিয়া বাদ-বিবাদহীন ঐক্যহে মূল কথা হোৱা উচিত"।

আনহাতে আন এক প্ৰসংগত মেধাৱী ছাত্ৰী গৰাকীয়ে কয়- "শিক্ষাৰ ক্ষেত্ৰত আমাৰ সমাজখনত অভিভাৱকৰ যঠেষ্ট অমনোযোগিতা আছে সেয়ে ছাত্ৰ-ছাত্ৰীসকলে নিজেও দৃঢ় কৰি ৰাখিব লাগিব আত্ম বিশ্বাস আৰু মনোবল"।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰ পৰিচালিত শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত শীৰ্ষ স্থান দখল কৰাৰ পাছতে বিভিন্ন সংগঠণৰ সম্বৰ্ধনা লাভ কৰা লুহীতা নায়কে নিজৰ শিক্ষাগুৰু সকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে নিজৰ শৈক্ষিক জীৱনত বিশেষ ভাৱে আৰ্থিক সহায় আগবঢ়োৱা বোকাখাতৰ জেষ্ঠ সাংবাদিক নীলু আচাৰ্য আৰু বিশিষ্ট ব্যৱসায়ী মহাবীৰ প্ৰসাদ আগৰৱালাৰ প্ৰতি প্ৰকাশ কৰিছে বিশেষ কৃতজ্ঞতা।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in