অৱশেষত হাৰাং নৈৰে যাত্ৰী পাৰ কৰিবলৈ কাছাৰত সেনা মোতায়েন...

অৱশেষত যাত্ৰী পাৰ কৰিবলৈ কাছাৰ জিলাত সেনাবাহিনী মোতায়েন কৰা হৈছে। অতিৰিক্ত বোজা কঢ়িওৱা দুখন  চূণশিল ভৰ্তি  ডাম্পাৰ সহ কাছাৰৰ  হাৰাং নৈ ৰ ওপৰত থকা লোহাৰ

author-image
Asomiya Pratidin
New Update
dijjd

ডিজিটেল সংবাদ শিলচৰ: অৱশেষত যাত্ৰী পাৰ কৰিবলৈ কাছাৰ জিলাত সেনাবাহিনী মোতায়েন কৰা হৈছে। অতিৰিক্ত বোজা কঢ়িওৱা দুখন  চূণশিল ভৰ্তি  ডাম্পাৰ সহ কাছাৰৰ  হাৰাং নৈ ৰ ওপৰত থকা লোহাৰ দলঙ খন ভাঙি পৰাত সম্পুৰ্ণ বন্ধ হৈ পৰে শিলচৰ - কালাইন সংযোগী গড়কাপ্তানী পথটো।

Advertisment

সাধাৰণ যাত্ৰী সকলক নদীটো পাৰ কৰাবলৈ ৰাতিপুৱা SDRF মোতায়েন কৰা হৈছিল যদিও SDRF য়ে অতিমাত্ৰা ৰ যাত্ৰী পাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। সেয়ে, হাজাৰ হাজাৰ যাত্ৰীক নদী পাৰ কৰাবলৈ শেষত সেনাবাহিনী মোতায়েন কৰা হয়। দুপৰীয়া ১ বজাৰ পৰা সেনা বাহিনীয়ে তেওঁলোকৰ নাও ব্যৱহাৰ কৰি যাত্ৰী সকলক হাৰাং নদী পাৰ কৰাত সহায় কৰে।

মণিপুৰৰ ইম্ফল স্হিত  110 RNGR ৰেজিমেন্টৰ এটা  ১৩ জনীয়া উদ্ধাৰ কাৰী দলে যাত্ৰী সকলক নদী পাৰ কৰোৱাইছে। আজি সন্ধিয়া ছয় বজালৈ যাত্ৰী পাৰ কৰাৰ পিচত বৃহস্পতিবাৰে পুনৰ ৰাতিপুৱা ছয় বজাত ভা্গাৰপাৰত  উপস্হিত হ'ব সেনাৰ উদ্ধাৰ কাৰী দলটো।

ইফালে,  দলঙ ভাঙি নদীত পৰি থকা ডাম্পাৰ দুখনৰ  আবেলি এখন ডাম্পাৰ নদীৰ পৰা ৰাস্তা লৈ তুলি অনা হৈছে। দুখন ক্ৰেইনে কেইবা ঘন্টা চেষ্টা  কৰি ডাম্পাৰখন তুলি আনিবলৈ সক্ষম হয়। আনহাতে,আনখন ডাম্পাৰো নদীৰ পৰা তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে।

আনহাতে  হাৰাং নৈত ভাঙি পৰা  দলংখন আৰু বৰাক নৈৰ ওপৰত  থকা গেমন সেতু  মেৰামতি নোহোৱালৈকে বিকল্প ৰাস্তা মেৰামতি কৰি গুৱাহাটী আৰু বৰাকৰ মাজত যোগাযোগ ব্যৱস্থা অব্যাহত ৰাখিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে স্হানীয় ৰাইজে।

শিলচৰ