ৰাজপথত জ্বলিল বিলাসী বাহন

যান্ত্ৰিক বিজুতিৰ বাবেই বাহনখন জ্বলি উঠাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

author-image
Asomiya Pratidin
New Update
p

ডিজিটেল সংবাদ,শিলচৰঃ কাছাৰ জিলাৰ ধলাই জামালপুৰত পথৰ ওপৰত হঠাৎ জ্বলিল এখন বিলাসী বাহন । কথমপি ৰক্ষা পৰে  ওচৰ চুবুৰীয়াৰ লগতে কেইবাটাও বাসগৃহ। আকস্মিক ভাৱে সংঘটিত এই ঘটনাত স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি। ইপিনে এই ঘটনাত বাহনখন জ্বলি‌ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। 

WhatsApp Image 2025-11-29 at 10.38.25 PM

অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীক খবৰ দিয়াত‌ ঘটনাস্থলীত উপস্থিত হৈ বাহনখনৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। যান্ত্ৰিক বিজুতিৰ ফলত বাহনখন জ্বলি উঠাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

WhatsApp Image 2025-11-29 at 10.38.51 PM

শিলচৰ