/asomiyapratidin/media/media_files/2025/06/20/czcxzczxc-2025-06-20-21-45-05.jpg)
শিলচৰত ৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ
ডিজিটেল সংবাদ শিলচৰ: চোৰাং বিদেশী সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী, বিদেশী চিগাৰেট আৰু ঔষধ জব্দ কৰিছে। মনিপুৰৰ ছিছিপুৰৰ পৰা অহা এমএন ০১ এএ ০৪৮৪ নম্বৰৰ এখন নৈশ বাছত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে চোৰাং সামগ্ৰী সমুহ। বাছ খনত তালাচী চলাই আৰক্ষীয়ে ৩.০৯৫ কিলোগ্ৰাম নিচাজাতীয় মৰফিন উদ্ধাৰ কৰে। মৰফিনখিনি বাৰ্মিজ চিগাৰেটৰ পেকেটৰ ভিতৰত লুকুৱাই অনা হৈছিল।
মৰফিনৰ উপৰিও আৰক্ষীয়ে বাছখনৰ পৰা ২৪০টা কাৰ্টন বাৰ্মিজ চিগাৰেট আৰু গডজিলা ব্ৰেণ্ডৰ ৫৬০ পেকেট মহ মৰা কয়েল উদ্ধাৰ কৰে। নিচাজাতীয় সামগ্ৰী খিনি 'ড্ৰাগছ ডিটেকছন কিট'ৰ সহায়ত পৰীক্ষা কৰাত এইবোৰ মৰফিন বুলি নিশ্চিত হয় আৰক্ষী। পিছত এই চোৰাং সামগ্ৰী সমুহ স্থানীয় লোকৰ উপস্থিতিত জব্দ কৰা হয়। জব্দ কৰা মৰফিন, বাৰ্মিজ চিগাৰেট আৰু মহৰ ঔষধ খিনিৰ ক'লা বজাৰত মুল্য প্ৰায় ৫ (পাঁচ) কোটি টকা বুলি সদৰি কৰিছে আৰক্ষী অধীক্ষক নোমল মাহাত্তাই।
ইফালে, অবৈধ সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মনিপুৰৰ তিনি জন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত ব্যক্তি কেইজন ক্ৰমে বিছনপুৰ জিলাৰ ম: আচৌবা, ছাইদুৰ ৰহমান আৰু কাংপকপি জিলাৰ কামথিয়াংছান খংছাই বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে। জব্দ কৰা মৰফিন খিনি মনিপুৰৰ ছিছিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল। বৰ্তমান ধৃত ব্যক্তি কেইজনক শিলচৰ সদৰ থানাত জেৰা অব্যাহত ৰাখি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।