ধলাইত ভয়ংকৰ ভূমিস্খলন...

বাসগৃহত টিলাৰ ভূমি খহি পৰি আহত হয় একেটা পৰিয়ালৰ চাৰিজনকৈ লোক। নিশা আনুমানিক ১২ বজাত স্থানীয় মহেশ দাস নামৰ এজন লোকৰ ঘৰৰ ওপৰত টিলাৰ এক বৃহৎ অংশ ভূমি খহি পৰে।

author-image
Asomiya Pratidin
New Update
dfdddddddddddd

ডিজিটেল সংবাদ,শিলচৰঃ  দেওবাৰে নিশা কাছাৰৰ ধলাইৰ অন্তৰ্গত ৰাজগোবিন্দপুৰত ভয়ংকৰ ভূমিস্খলন হয়। বাসগৃহত টিলাৰ ভূমি খহি পৰি আহত হয় একেটা পৰিয়ালৰ ৪ জনকৈ লোক। নিশা আনুমানিক ১২ বজাত স্থানীয় মহেশ দাস নামৰ এজন লোকৰ ঘৰৰ ওপৰত টিলাৰ এক বৃহৎ অংশ ভূমি খহি পৰে।

Advertisment

 ফলত ঘৰখনত থকা পৰিয়ালটোৰ ৪ জন সদস্য মাটিত পুত যায়। ঘটনাৰ পাছত স্থানীয় লোক উপস্থিত হৈ দীৰ্ঘ চেষ্টাৰ অন্তত মাটিত পুত যোৱা পৰিয়ালটোৰ সদস্য কেইজনক উদ্ধাৰ কৰে। ঘটনাত আটাইকেইজন লোক গুৰুতৰভাৱে আহত হয়।

লগে লগে আহতক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। ঘৰৰ কাষত থকা টিলাৰ ভূমি অবৈজ্ঞানিক পদ্ধতিৰে কটাৰ বাবেই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰিছে স্থানীয় লোকে।  

কাছাৰ