শিক্ষা সংসদৰ হেতালিঃ মাৰ্কশ্বিটত নাই ইংৰাজী বিষয়ৰ নম্বৰ

শিক্ষা সংসদৰ হেতালিঃ মাৰ্কশ্বিটত নাই ইংৰাজী বিষয়ৰ নম্বৰ

ডিজিটেল সংবাদ,শিলচৰঃ বিতৰ্কৰ মাজত সোমাই পৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। শিক্ষা বিভাগে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল কোনো ক্ৰুটি নোহোৱাকৈ ঘোষণা কৰাৰ দাবী কৰিছিল যদিও শিক্ষা সংসদৰ ভুলৰ বাবে শিলচৰৰ কেবাখনো শিক্ষানুষ্ঠানৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ ফলাফলৰ পৰা বঞ্চিত হ'ব লগা হৈছে।

শিলচৰৰ ঐতিহ্যমণ্ডিত ৰামানুজ গুপ্ত চিনিয়ৰ চেকেণ্ডাৰী,জিছি কলেজ,কাছাৰ কলেজ, হোলিক্ৰুছ সহ কেবাখনো কলেজ আৰু স্কুলত এক নাভূত নাশ্ৰুত ঘটনা সংঘটিত হৈছে। ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ এই শিক্ষানুষ্ঠান সমূহৰ শ শ পৰীক্ষাৰ্থীক ইংৰাজী বিষয়ত অনুপস্থিত দেখুৱালে শিক্ষা সংসদে।

আজি ঘোষিত ফলাফলত উল্লেখিত শিক্ষানুষ্ঠান সমূহৰ শ শ পৰীক্ষাৰ্থীৰ ইংৰাজী বিষয়ৰ ফলাফল মাৰ্কশ্বিটত উল্লেখ নথকাক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।ইংৰাজী বিষয়ত পৰীক্ষাৰ্থী কেইজন অৱতীৰ্ণ হোৱা পাছতো অনুপস্থিত দেখুৱা লৈ ক্ষোভিত হৈ পৰে শিক্ষাৰ্থী, অভিভাৱক তথা বিদ্যালয় কতৃপক্ষ।ৰামানুজ চিনিয়ৰ চেকেণ্ডাৰী স্কুলত বিজ্ঞান শাখাত এইবাৰ ৩৬গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল যদিও তেওঁলোকৰ ইংৰাজী বিষয়ৰ‌ নম্বৰ নাহিল। বিষয়টোত পৰীক্ষাৰ্থী সকলক অনুপস্থিত দেখুৱা বুলি সদৰী কৰে বিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে।

আনহাতে, জিছি কলেজৰ শতাধিক পৰীক্ষাৰ্থীৰো মাৰ্কশ্বিটত ইংৰাজী বিষয়ৰ নম্বৰ নথকাক লৈ সংকটত পৰে। এই সকল পৰীক্ষাৰ্থীৰ‌ আটাইকে পৰীক্ষাত অনুপস্থিত দেখুৱাত পৰীক্ষাৰ্থী সকল বিপদত পৰিছে।‌ তেওঁলোকে বিষয়টো কলেজ কতৃপক্ষক অৱগত কৰি অধ্যক্ষকৰ জৰিয়তে শিক্ষা সংসদলৈ দৰ্খাস্ত প্ৰেৰণ কৰে।

উল্লেখ্য যে, পৰীক্ষাৰ্থী সকলৰ এই সমস্যা অতি শীঘ্ৰে সমাধান কৰিবলৈ শিক্ষা সংসদৰ ওচৰত দাবী জনাইছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। অন্যাথা বৰাকৰ শ শ ছাত্ৰ-ছাত্ৰীক লৈ তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in