/asomiyapratidin/media/media_files/2025/03/06/zAGO9v5sPjseFJg0USTo.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ বিভিন্ন দাবী আদায়ৰ বাবে ৩ দিন ধৰি ৰাজ্যজুৰি অব্যাহত থকা এন এইচ এমৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত অচল হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য পৰিসেৱা। মঙলবাৰৰ পৰা আৰম্ভ হোৱা এন এইচ এমৰ চিকিৎসক-নাৰ্ছ সহ স্বাস্থ্য কৰ্মী সকলৰ এই তিনি দিনীয়া আন্দোলনৰ পৰিপ্ৰেক্ষিতত শিলচৰ এচ এম দেৱ চিভিল হাস্পতালৰ ৩ টা ৱাৰ্ড বন্ধ কৰিব লগা হৈছে।
ফলস্বৰূপে ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ৰোগী সকল। চিকিৎসক নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰী সকলে আন্দোলন কৰাৰ ফলত প্ৰসূতি বিভাগৰ অ'টি, নতুনকৈ জন্ম লাভ নৱ জাতক শিশু ৰখা ৱাৰ্ড আৰু এন আৰ চি এই তিনিটা ৱাৰ্ড সম্পূৰ্ণ বন্ধ হৈছে বুলি জানিবলৈ দিয়ে এচ এম দেৱ চিভিল হাস্পতালৰ অধীক্ষক ডা:অৰুপ পাটোৱাই।
ইফালে, আজি ৩ দিন ধৰি আন্দোলন কৰাৰ পিছতো চৰকাৰ আৰু প্ৰশাসনে স্বাস্থ্য কৰ্মী সকলৰ দাবীৰ প্ৰতি কোনো সঁহাৰি নিদিয়াত ক্ষুদ্ধ হৈ পৰিছে আন্দোলন কাৰী সকল। শীঘ্ৰে তেওঁ লোকৰ ন্যায্য দাবী সমুহ চৰকাৰে মানি নললে ভৱিষ্যতে অনিৰ্দিষ্ট কালৰ বাবে ৰাজপথৰ নামিব বুলি হুংকাৰ দিছে স্বাস্থ্য কৰ্মী সকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us