শিলচৰত ফটকা ফুটাই বিজয়োল্লাস পালন কাছাৰ জিলা বিজেপিৰ

শিলচৰ ইটাখলাস্থিত দলীয় কাৰ্যালয়ৰ পৰা এক বিজয় সমদল উলিয়াই বিজেপি কৰ্মী সকলে ভাৰতীয় সেনা জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ পাকিস্তান মুৰ্দাবাদ আদি ধ্বনি দি শিলচৰৰ আকাশ বতাহ মুখৰিত কৰে।‌

author-image
Asomiya Pratidin
New Update
্্্্্্্্্্্্্্্্্্

ডিজিটেল সংবাদ, শিলচৰ: পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই অপাৰেচন সেন্দুৰ আৰম্ভ কৰি কেইবাটাও শিবিৰ ধ্বংস কৰাৰ পিছত আজি অসমৰ বিভিন্ন প্ৰান্তত বিজয়োল্লাস পালন কৰে বিজেপিয়ে। শিলচৰতো আজি ফটকা ফুটাই বিজয়োল্লাস পালন কৰে কাছাৰ জিলা বিজেপিয়ে।‌

Advertisment

শিলচৰ ইটাখলাস্থিত দলীয় কাৰ্যালয়ৰ পৰা এক বিজয় সমদল উলিয়াই বিজেপি কৰ্মী সকলে ভাৰতীয় সেনা জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ পাকিস্তান মুৰ্দাবাদ আদি ধ্বনি দি শিলচৰৰ আকাশ বতাহ মুখৰিত কৰে।‌ সমদলৰ শেষত কেপিটেল পইন্টত হাজাৰ হাজাৰ ফটকা ফুটাই বিজয়োল্লাস পালন কৰে বিজেপিৰ নেতা কৰ্মী সকলে।‌ 

সমদলত অংশ লৈ কাছাৰ জিলা বিজেপিৰ সভাপতি ৰূপম সাহা আৰু ধলাইৰ বিধায়ক নিহাৰঞ্জন দাসে মাজনিশা ভাৰতীয় সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰি ৯ টাকৈ শিবিৰ ধ্বংস কৰা বাবে ভাৰতীয় সেনা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়।

 যোৱা ২২ এপ্ৰিলত পেহেলগামত বাচি বাচি ২৮ গৰাকী হিন্দু পৰ্যটকক নিৰ্মম ভাবে হত্যা কৰাৰ পাকিস্তানী সন্ত্ৰাসবাদীক উচিত শিক্ষা দিয়া বুলি মন্তব্য কৰে বিজেপিৰ নেতা দ্বয়ে।

কাছাৰ