/asomiyapratidin/media/media_files/2025/07/30/bhyuhus-2025-07-30-16-47-59.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ বৰাক উপত্যকাত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আৰক্ষীয়ে। সীমান্ত সূৰক্ষা বাহিনীৰ চকুত ধূলি দি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা পুনৰ ৭ গৰাকী বাংলাদেশীক আটক কৰে শ্ৰীভূমি আৰক্ষীয়ে।
জিলাখনৰ বাংলাদেশ সীমান্তৱৰ্তী এলেকাত আটক কৰা এই বাংলাদেশী কেইজনক অৱশেষত বুধবাৰে বাংলাদেশলৈ ওভতাই পঠিওৱা হয়। বাংলাদেশী কেইজনৰ ভিতৰত আছে দুগৰাকী মহিলা আৰু পাঁচগৰাকী পুৰুষ।
ইফালে, বাংলাদেশী কেইজনক তেওঁলোকৰ নিজ দেশ বাংলাদেশলৈ ওভতাই পঠিওৱা বিষয়টো নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ফেচবুকৰ জৰিয়তে বাংলাদেশী কেইজনৰ ফটো আপলোড কৰি সদৰি কৰে যে, "অনুপ্রৱেশ ৰোধৰ অবিৰাম প্রয়াসেৰে অসমৰ জনগাঁথনি পৰিৱর্তনকাৰী শক্তিৰ সৈতে আমি যুঁজ দিবলৈ সংকল্পবদ্ধ। আজিও (বুধবাৰে) অসম আৰক্ষীয়ে শ্রীভূমি জিলাৰ আন্ত:ৰাষ্ট্রীয় সীমান্তৰ সমীপত ৭গৰাকী অনুপ্রৱেশকাৰীক আটক কৰি তেওঁলোকৰ নিজ দেশ বাংলাদেশলৈ ওভতাই পঠাইছে। অসমৰ স্বার্থ সুৰক্ষাৰ বাবে আমাৰ এই অভিযান ধাৰাবাহিকভাৱে চলি থাকিব" বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে।