/asomiyapratidin/media/media_files/2025/04/16/Ou3CTxLxoLg1mYTWeubu.jpg)
ডিজিটেল সংবাদ,শিলচৰ: শিলচৰত সংশোধনী ৱাকাফ আইন বাতিলৰ দাবীত দেওবাৰে সমদল উলিয়াই আৰক্ষীৰ সৈতে হতাহতি আৰু আৰক্ষীক শিলাবৰ্ষণ কৰা ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত শিলচৰ সদৰ থানাত ৰুজু কৰা ৪০১/২৫ U/S 191(2)/191(3)/190/223/125/132/121(2) /121 (1) BNS R/W SEC 3 PDPP আইন গোচৰৰ ভিত্তিত আৰক্ষীয়ে এই ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
গ্ৰেপ্তাৰ কৰা ব্যক্তি কেইজন নজমুল ইছলাম লস্কৰ,বিডাৰ লস্কৰ,ৰোহিত হুছেইন লস্কৰ, দিলোৱাৰ হুছেইন, ৰোহিত আহমেদ মজুমদাৰ,আতিকুৰ ৰহমান লস্কৰ আৰু ৰিয়াজুল লস্কৰ। আটাইৰে ঘৰ শিলচৰৰ
কাশীপুৰ, বেৰেংগা আৰু বাগদহৰত ।
ইফালে, আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই আইন ভংগকাৰী সকলক সকিয়নী প্ৰদান কৰি কয় যে, আইন শৃংখলা ভংগ কৰি কোনোবাই অশান্তিৰ পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনি ব্যৱস্থা গ্ৰহণ কৰা হ'ব।