/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/fk6y7ik7/AP-FOR-WEB-4-.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰৰ অঞ্চলৰ নলবাৰী হাজং গাওঁ নিবাসী বিশিষ্ট সমাজ কৰ্মী ৰাজেন হাজং আৰু নাই। হস্পিতালৰ পৰা গৃহভিমুখী পথতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সংগঠক - সমাজ কৰ্মী হাজঙে।
প্ৰয়াত ৰাজেন হাজঙে কিছু দিনৰ পৰা শ্বাস নিশ্বাস আৰু যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল। ডিব্ৰুগড়ত চিকিৎসা কৰিও কোনো ফল নোপোৱাত পৰিয়ালৰ লোকে যোৱা ১৩ অক্টোবৰত হাইদৰাবাদলৈ লৈ যায়। হাইদৰাবাদতো চিকিৎসকে আৰোগ্য হোৱাৰ আশা নেদেখি ঘৰলৈ উভতাই নিয়াৰ পৰামৰ্শ দিয়ে। যোৱা শুকুৰবাৰে এখন এম্বুলেন্স ৰিজাৰ্ভ কৰি চিলাপথাৰ অভিমুখে আহি থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।
আজি লোকজনৰ নশ্বৰ দেহ নিজা গৃহ আহি পোৱাৰ পিছতেই অঞ্চলটোত হুৱা দুৱা লাগে। সৰ্বস্তৰৰ লোকৰ মাজতে সমাদৃত ৰাজেন হাজঙৰ আকস্মিক মৃত্যুৰ বাতৰিত ব্যথিত অলেখ লোকৰ সমাগম হয় ঘৰখনত। সন্ধিয়া অগণন গুণমুগ্ধৰ উপস্থিতিত শেষ কৃত্য সম্পন্ন কৰা হয়।
প্ৰয়াত ৰাজেন হাজং সদৌ অসম হাজং ছাত্ৰ সন্থাৰ উপদেষ্টা,গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উপ সভাপতিৰ লগতে সন্মিলিত গণশক্তিৰ এজন সক্ৰিয় কৰ্মী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি জৰিত আছিল বহু ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে।
মৃত্যুৰ সময়ত পত্নী,দুতিসহ বহু আত্মীয় লোকক সংসাৰত এৰি থৈ যোৱা লোকজনৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us