চিলাপথাৰত সন্ধানহীন বিজেপিৰ বুথ সভাপতি, বিস্ফোৰক অভিযোগ স্বামীৰ...

চিলাপথাৰত সন্ধানহীন বিজেপিৰ বুথ সভাপতি, বিস্ফোৰক অভিযোগ স্বামীৰ...

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰত বিগত পাঁচটা দিনে নিৰুদ্দেশ বিজেপিৰ এগৰাকী বুথ সভানেত্ৰী। ধন আৰু নথি পত্ৰ লৈ পলায়নৰ সন্দেহ কৰিছে স্বামীয়ে।চিলাপথাৰ নতুন গাওঁ নিবাসী (৭ নং ৱাৰ্ড) পুনেশ্বৰ দত্তৰ পত্নী তিৰুলতা পাইত দত্ত (৩৬) যোৱা পাঁচটা দিনে নিখোজ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিৰুদেশ মহিলা গৰাকী হ'ল বিজেপি দলৰ চিলাপথাৰ নগৰৰ ৭ নং ৱাৰ্ডৰ ১৪৯ নং বুথ কেন্দ্ৰৰ সভানেত্ৰী। জানিব পৰা মতে,দুগৰাকী কন্যা সন্তানৰ মাতৃ নিৰুৰ্দিষ্ট বোৱাৰী গৰাকী যোৱা ২৬ এপ্ৰিলৰ পুৱা প্ৰায় ৫ বজাৰ পৰা আকস্মিকভাৱে নিৰুদ্দেশ হৈ আছে। উক্ত সময়ৰ পৰা বহু বিচাৰ খোচাৰ কৰিও পোৱা নাছিল কোনো শুং সূত্ৰ।

ঘটনাৰ সংক্ৰান্তত পৰিয়ালৰ লোকে চিলাপথাৰ থানাত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ইপিনে ঘটনাক লৈ বোৱাৰীৰ স্বামীয়ে প্ৰকাশ কৰিছে বিস্ফোৰক মন্তব্য।

স্বামী পুনেশ্বৰ দত্তই নিখোজ পত্নী তিৰুলতাই কোনো পৰপুৰুষৰ সৈতে পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে। লগতে অলপতে PMAY ঘৰৰ বাবদ লাভ কৰা ৫ হেজাৰ টকা আৰু নিৰ্বাচনৰ সময়ত দলৰ পৰা লাভ কৰা ২১ হেজাৰ টকাৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ লৈ উধাও হোৱা বুলি স্বামীয়ে কৰিছে গুৰুতৰ অভিযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in