/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a6e735b2-4bb4-499d-a96c-9119e1b36276/2dfd52e0-8cf7-462e-8149-81edad9e1d78.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ অঞ্চলত বানৰ সন্ত্ৰাসৰ সমান্তৰালকৈ অব্যাহত আছে বান্যহস্তীৰ উৎপাত। নৈপৰীয়া সোনাৰীঘাট আৰু মেধীপমুৱাত এটা বন্যহস্তীৰ জাকৰ মুক্ত বিচৰনে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। যোৱা নিশা এটা হাতীৰ জাকে অঞ্চলটোৰ সোনাৰীঘাট আৰু মেধীপমুৱাত উপস্থিত হয়।
দলটোৱে গাঁও দুখনৰ ক্ৰমে ৰাজেশ পাইত,ৰাজেন জীমে,তৰাফুল জীমে আৰু মলধৰ পেগুৰ ঘৰৰ চৌহদত চলালে সন্ত্ৰাস। এফালৰ পৰা বাৰীৰ কলগছ,অমিতাৰ পৰা ধানৰ ভঁড়াল আৰু পাচলিবাৰী মহতীয়াই তচনচ কৰে। শূঁৰৰ সহায়ত ঘৰ ভাঙি চাউল -পাত,গেছ ষ্টোভ আদি ঘৰৰ সকলো ব্যৱহাৰ্য্য ৰচদ পাতি টানি গচকি ফেঁনেকি একাকাৰ কৰে। মুৰে কঁপালে হাত দিছে বানাক্ৰান্ত গঞাই ।
এফালে বানৰ আতংক আৰু আনফালে হাতীৰ আতংক। হাতীৰ আক্ৰমণৰ আশংকাত বিনিন্দ্ৰ ৰজনী কটাইছে গঞাই।সঘন বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত খাদ্য আৰু বিচৰনভূমিৰ তীব্ৰ নাটনিৰ বাবে মানুহৰ মাজত সোমাই পৰি আতংকৰ কাৰক হৈ পৰিছে।
কিছুদিনৰ পুৰ্বেও অঞ্চলটোৰ ৰিতা দলে,ৰাজীৱ পেগু,মেতেৰা কাৰ্দং,গনেশ্বৰ পেগু প্ৰদীপ দলে,লক্ষ্যনাথ দলে,আজ্ঞনন্দ দলে নিৰানন্দ দলে,ৰোহিনী কাৰ্দং,টংকেশ্বৰ জীমে,ৰাজীৱ পেগু,মনি পেগু। আৰু চানেকি টায়েৰ নাৰীৰ ফচল আৰু ভড়ালৰ ধানৰ বিস্তৰ অনিষ্ট সাধন কৰে । নৈপৰীয়া অঞ্চলটোৰ আতংকৰ কাৰক হৈ পৰা বন্যহস্তীৰ জাকটোৰ পৰা সুৰক্ষা দিয়াৰ লগতে ক্ষতিগ্ৰস্তক সাহাৰ্য প্ৰদানৰ দাবী জনাইছে ভোক্তভূগি ৰাইজে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us