/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-21/h0p3jlwl/dea437ba-f206-40ed-a269-af3dfeedf571.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ প্ৰেমত ঘূৰিছে ভূ মণ্ডল। প্ৰেমত ফুলিছে শতদল।ঘটনাটো চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাসুতি চাব চেণ্টাৰৰ। গাঁওখনৰ বিকেশ্বৰ দলেৰ পত্নী মেণাম দলে (২৫) প্ৰায় এটা মাহৰ পূৰ্বে হঠাৎ সন্ধানহীন হয়। দুগৰাকী কন্যা সন্তানৰ মাতৃ বোৱাৰী গৰাকীৰ আকস্মিক নিখোজৰ ঘটনাই হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰায় বিকেশ্বৰৰ সুখী পৰিয়ালটোক।
অভিযোগ মতে পৰকীয় প্ৰেমত মতলীয়া হৈ মেনাম দলেই চেন্নাইত কৰ্মৰত চিমেন চাপৰি চমকঙৰ শশীধৰ মিপুণৰ সৈতে পলাই যায়। বহু বিচাৰ খোচাৰৰ কৰি পৰিয়ালৰ লোকে যোৱা ১৭ আগষ্টত কোনোমতে বোৱাৰী ক উভতাই আনে। পিছে ঘৰত মাত্ৰা দুটা দিন কটাই বোৱাৰী সোমবাৰে পূৱতি নিশা পুনৰ মাতৃ গৃহৰ পৰা পলায়ন কৰে।
পৰকীয়া প্ৰেমত অন্ধ হৈ দক্ষিণ ভাৰতত কৰ্মৰত প্ৰেমিক শশীধৰৰ লগত এইবাৰো বোৱাৰী পলায়ন কৰা বুলি পৰিয়ালৰ লোকৰ সন্দেহ। ইফালে দ্বিতীয় বাৰৰ বাবে পলায়ন কৰা মাতৃক বিচাৰি বিকেশ্বৰৰ ঘৰত দুই জীয়েকৰ দেখা গৈছে হিয়া ভঙা কান্দোন। পত্নী য'তেই আছে ঘৰলৈ উভতি আহিবলৈ দুৰ্ভগীয়া স্বামী বিক্কেশ্বৰ দলেৰ আহ্বান।
একেই আহ্বান দুই কন্যাৰ। মাতৃক বিচাৰি হাহাকাৰ কৰা কন্যাই মাতৃ মেনামক প্ৰচাৰ মাধ্যমেৰে জৰিয়তে শীঘ্ৰে উভতি আহিবলৈ প্ৰাৰ্থনা জনাইছে। পতি কন্যাৰে এখন সুখী সংসাৰ ধ্বংস কৰি পৰপৰুষৰ সৈতে আঁতৰি যোৱা বোৱাৰী গৰাকীয়ে পৰিয়ালৰ আহ্বান কিমান দূৰ গুৰুত্ব দিব সময়তহে দেখা যাব।