চিলাপথাৰৰ বেংগলী ফেডাৰেচনৰ অধিবেশনৰ সামৰণি...

চিলাপথাৰৰ বেংগলী ফেডাৰেচনৰ অধিবেশনৰ সামৰণি। ২০২৬' ৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ ৮০ লাখ হিন্দু-বাঙালীৰ বাবে চেটেলাইট কাউন্সিল গঠনৰ দাবী।  চিলাপথাৰৰ বেংগলী ফেডাৰেচনৰ

author-image
Asomiya Pratidin
New Update
kikkd

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰৰ বেংগলী ফেডাৰেচনৰ অধিবেশনৰ সামৰণি। ২০২৬' ৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ ৮০ লাখ হিন্দু-বাঙালীৰ বাবে চেটেলাইট কাউন্সিল গঠনৰ দাবী।  বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমৰ বাঙালী সকলক কোনো এখন চৰকাৰে আজিলৈকে সমস্যা সমাধানৰ সদিচ্ছা দেখুৱা নাই। কেৱল মাত্ৰ ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বাঙালী ৰাইজ। ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা ৫৫ লাখ হিন্দু-বাঙালীৰ নিজস্ব এজন মন্ত্ৰী নাই অসম চৰকাৰৰ কেবিনেট।

Advertisment

আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে হিন্দু-বাঙালীৰ বাবে এখন চেটেলাইট স্বায়ত্ত শাসন প্ৰদান কৰাৰ লগতে ভূমিৰ অধিকাৰ,ৰাজনৈতিক অধিকাৰ প্ৰদান কৰিবলৈ দাবী তোলে ফেডাৰেচনে। উল্লেখ্য যে, চিলাপথাৰৰ  মাজৰবাৰীত বিবেকানন্দ সমন্বয় ক্ষেত্ৰত দুদিনীয়াকৈ আয়োজিত ফেডাৰেচনৰ অধিবেশনৰ কালি সফল সামৰণি পৰে।

বহু বিশিষ্ট ব্যক্তি,বহু দল সংগঠনৰ নেতা,সমাজ কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হয় বিশাল মুকলি সভা। সভাৰ মজিয়াৰ পৰাই বাঙালী ৰাইজৰ জ্বলন্ত সমস্যাৱলী সমাধানৰ সময়োচিত ব্যৱস্থা গ্ৰহণৰ সবল দাবী উত্থাপন কৰিলে সংগঠনটোৱে।

চিলাপথাৰ